গুৱাহাটী, সংবাদ ৩৬৫, ১৮ অক্টোবৰ : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ ডঃ ভগীৰথ কৰণৰ সংবাদমেল। সংবাদমেলত অধ্যক্ষ গৰাকীয়ে কয় যে স্বাধীনতাৰ ৭০ বছৰৰ পিছত প্ৰথম বাৰৰ বাবে বিজেপি মন্ত্ৰী সভাত স্থান নাই চাহ জনগোষ্ঠীৰ।

আগন্তুক নিৰ্বাচনক লৈ অধ্যক্ষ গৰাকীয়ে কয় ৪ টা সমষ্টিত নিৰ্বাচন হ’বলৈ যিহেতু গৈ আছে তাৰে তিনিটা সমষ্টিতে চাহ শ্ৰমিক সকলে নিৰ্ণায়ক ভূমিকা লৈ আহিছে।

চাহ জনগোষ্ঠীসকলৰ সমস্যাক ৰাজনৈতিক বা চৰকাৰে গুৰুত্ব নিদিয়ে। কিন্তু নিৰ্বাচন আহি পোৱাৰ লগে লগে সেই সমস্যাই আগস্থান পায়।

বিজেপি চৰকাৰে যোৱা তিনিটা বছৰে চাহ জনগোষ্ঠীৰ কোনো সমস্যাই নাই এনে দেখুৱাব বিচাৰিছে। ইয়াৰোপৰি দীৰ্ঘম্যাদী কাম দি এই ৩ বছৰত যিমান হস্ৰম্যাদী কাম হ’ব লাগিছিল সেইয়া হোৱা নাই ।

চৰকাৰে চাহ জনগোষ্ঠীসকলক চাউল আৰু চেনী দিয়াৰ সম্পৰ্কতো কয় যে চাউল আৰু চেনী দিলেই চাহ জনগোষ্ঠীৰ উন্নতি হ’ব এইয়া কেনে কথা। কোনো উন্নত জনগোষ্ঠীয়ে এইয়া ভাল নাপায়। বিজেপিয়ে চাহ জনগোষ্ঠীৰ ৰাজনৈতিক ক্ষমতা নাইকিয়া কৰিব বিচাৰিছে । সামাজিক মৰ্যাদা লাঘৱ কৰিব বিচাৰিছে।

যোৱা ৩ বছৰত ৰাজ্য চৰকাৰে আৰু যোৱা ৫ বছৰত কেন্দ্ৰীয় চৰকাৰে চাহ জনগোষ্ঠীক জনজাতি কৰিম বুলি কৈছিল যদিও সেইয়া নকৰি বিশ্বাসঘাটকতা কৰিলে।

ইয়াৰোপৰি চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকাকৈ দিম বুলি কৈছিল যদিও তেওঁলোকৰ মজুৰি বৃদ্ধি নহ’ল। তেওঁলোকে আজিও ১৩৭ টকাহে মজুৰি পায়।

ৰাজ্য চৰকাৰে বিগত ৩ বছৰত ৩ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিছে বুলি ঘোষণা কৰিছে যদিও এই ৩ লাখ যুৱক-যুৱতীৰ ভিতৰত এজনো চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীয়ে নিযুক্তি লাভ নকৰিলে। ইয়াৰোপৰি বিয়াৰ বাবে ঘোষণা কৰা ১ তোলা সোণো পোৱাৰো নজিৰ নাই ।

ৰাজ্য চৰকাৰে চাহ বাগিচাৰ বিদ্যালয়সমূহ চৰকাৰীকৰণ কৰা হ’ব বুলি ঘোষণা কৰিছিল যদিও এখনো বিদ্যালয় চৰকাৰীকৰণ নহ’ল । হাইস্কুল হ’ব বুলি কৈছিল সেয়াও নহ’ল।

চিকিৎসালয় বোৰতো চিকিৎসক নাই, প্ৰয়োজনীয় ঔষধ নাই। গ্রুপ হস্পিটাল স্থাপন কৰা হব বুলি কৈছিল যদিও সেয়াও অসাৰ হ’ল ।

ইয়াৰোপৰি চাহ জনগোষ্ঠীৰ ভূমিহীন মানুহক ভূমি দিয়াৰ কথা কৈছিল সেইয়া দিয়া নাই। মাটিৰ পট্টাও দিয়া হোৱা নাই ।

অধ্যক্ষ ডঃ ভগীৰথ কৰণে সংবাদমেলৰ শেষত কয় যে বিজেপি চৰকাৰে চলোৱা এই প্ৰচাৰবোৰ ভুৱা। এই প্ৰচাৰৰ উত্তৰ দিব লাগে চৰকাৰে।