নিউজ ডেস্ক

২৭ ছেপ্টেম্বৰ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙৰ দেওবাৰে পুৱা ৮২ বছৰ বয়সত দেহাৱসান। দীৰ্ঘদিন ধৰি অসুস্থ আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙ। দিল্লীৰ আৰ্মী চিকিৎসালয়ত যোৱা ২৫ জুনত ভৰ্তি কৰোৱা হৈছিল যশোৱন্ত সিঙক।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙৰ ৮২ বছৰ বয়সত দেওবাৰে পুৱা দিল্লীৰ আৰ্মী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল আৰু যোৱা ২৫ জুন তাৰিখে দিল্লীৰ আৰ্মী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যশোৱন্ত সিঙক। দিল্লীৰ আৰ্মী চিকিৎসালয়ত মাল্টি অৰ্গেন ডিছফাংচন চিন্দ্ৰমৰ চিকিৎসা চলি থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ দেওবাৰে হৃদয়যন্ত্ৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে মৃত্যু হয়।

যশোৱন্ত সিঙ ১৯৬০ চনত সেনাৰ চাকৰি এৰি ৰাজনীতিলৈ আহিল। অটল বিহাৰী বাজপাই চৰকাৰত যশোৱন্ত সিঙ বৈদেশিক, প্ৰতিৰক্ষা আৰু বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল। পৰৱৰ্তী সময়ত যশোৱন্ত সিঙ ২০০৯ পৰ্যন্ত ৰাজ্য সভাত বিৰোধী দলত নেতা হিচাপেও দায়িত্ব পালন কৰিছিল। ২০০৯ চনৰ আগষ্ট মাহত যশোৱন্ত সিঙ নিজৰ কিতাপ ‘জিন্না : ভাৰত বিভাজন আৰু স্বতন্ত্ৰতা’ত মহম্মদ আলী জিন্নাৰ প্ৰশংসা কৰাৰ বাবে সমালোচনাৰ সম্মুখীন হৈছিল।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ মৃত্যুত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ টুইট যুগে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।