কুন্দন ভৰালী

নগাঁও 

১৬ নৱেম্বৰ

প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত কংগ্ৰেছ দলত ধনৰ লেনদেন হোৱাৰ অভিযোগ প্ৰাক্তন বিধয়াক তথা বিজেপি নেতা মজিবুৰ ৰহমানৰ। নগাঁৱৰ ভকতগাঁৱত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ বুথ সমিতিৰ সভাত অংশগ্ৰহণ কৰি মজিবুৰ ৰহমানৰ কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ।

সংখ্যালঘু ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে সোমবাৰে সংখ্যালঘু অধ্যুষিত নগাঁৱৰ ভকতগাঁৱত অনুষ্ঠিত হয় ভাৰতী জনতা পাৰ্টী দলৰ সংখ্যালঘু মৰ্চাৰ এক সভা। ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ ভকতগাঁও বুথ সমিতিৰ কাৰ্য্যকৰী সভাত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্রাক্তন বিধায়ক তথা ন বিজেপি নেতা মজিবুৰ ৰহমান, স্থানীয় ভকতগাঁও জিলা পৰিষদৰ সদস্য ৱাজীউল্লাল কবিৰকে ধৰি কেইবাজনো বিজেপি নেতা উপস্থিত। সভাত অংশগ্ৰহণ কৰি বিজেপি বিধায়ক ৰূপক শৰ্মাই বিজেপি চৰকাৰে কৰা উন্নয়নমূলক কামৰ বিষয়ে উপস্থিত লোকক অৱগত কৰাৰ লগতে বিৰোধী কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে।

উল্লেখযোগ্য যে সভাখনত উপস্থিত থাকি কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা ন বিজেপি নেতা মজিবুৰ ৰহমানে কংগ্ৰেছৰ বিৰুদ্ধে কেবাটাও বিস্ফোৰক মন্তব্য প্ৰদান কৰে। পূৰ্বৰ কংগ্ৰেছৰ চৰিত্ৰ সলনি হোৱা বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে কংগ্ৰেছত ধনৰ লেনদেনতহে টিকট বিক্ৰী হোৱা বুলি মন্তব্য কৰে। গাঁও পঞ্চায়তৰ পৰা সাংসদৰ প্ৰাৰ্থীত্বৰ টিকটো ধনৰ লেনদেনত হোৱা বুলিও বিস্ফোৰণ ঘটালে প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে।