আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৬ নৱেম্বৰ

শিৱসাগৰ আৰক্ষীৰ বৃহৎ সফলতা৷ শিৱসাগৰ আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হ’ল বাবা লাহণক। উজনিৰ কেইবাখনো জিলাত সন্ত্ৰাস চলাই আহিছিল বাবা লাহণ। ৰাজপথৰ পৰা বাইক, বিভিন্ন গাড়ীসহ গোহালিৰ পৰা গৰু চুৰ আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰিছিল বাবা লাহণ।

শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষীৰয়ে অৱশেষত লাভ কৰিলে বৃহৎ সফলতা। শিৱসাগৰৰ ভাটী বনগাঁৱত জয়সাগৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই দুধৰ্ষ চোৰ বাবা লাহণক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে অভিযানত এক এখন বিলাসী চুৰি গাড়ীসহ দুধৰ্ষ চোৰ বাবা লাহণক জালত পেলাবলৈ সক্ষম হয়। বাবা লাহণ নামৰ দুধৰ্ষ চোৰটোৱে উজনি অসমৰ কেইবাখনো জিলাত বিভিন্ন কাৰীকাণ্ড সংঘটিত কৰি আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰিছিল। জানিব পৰা মতে বাবা লাহণে বাইক, বিভিন্ন বহনসহ গোহালিৰ গৰু পৰ্যন্ত চোৰ কৰি সন্ত্ৰাস চলাই আহিছিল। সোমবাৰে পুৱতি নিশা জয়সাগৰ আৰক্ষীয়ে বাবা লাহণৰ কবলৰ উদ্ধাৰ কৰা বিলাসী বাহনখনৰ বাবা লাহণে তেওঁৰ সহযোগীৰ সহায়ত শিৱসাগৰৰ পৰা চুৰি কৰিছিল বুলি জানিব পৰা গৈছে। বাইক, বিভিন্ন বাহনৰ চুৰিৰ সমান্তৰালে বাবা লাহণে নিশাৰ ভাগত চুৰি কৰিছিল গোহালিৰ গৰু৷ দুধৰ্ষ বাবা লাহণৰ ঘৰ ডিব্ৰুগড়ৰ জিলাৰ লেঙেৰীত৷ শিৱসাগৰৰ ভাটী বনগাঁৱত শশুৰেকৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীৰ জালত পৰে বাবা লাহণ।

বাবা লাহণৰ বিৰুদ্ধে মৰাণ আৰক্ষী থানা, ডিমৌ আৰক্ষী থানা, চেৰেকাপাৰ আৰক্ষী থানা, শিৱসাগৰ সদৰ আৰক্ষী থানাৰ লগতে জয়সাগৰ আৰক্ষী চকীত ৰুজু হৈ আছে কেইবাটাও গোচৰ৷ বৰ্তমান বৰ্তমান জয়সাগৰ আৰক্ষীৰ লক আপৰ আলহী বাবা লাহণক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই আছে। আৰক্ষীৰ জেৰাত ইতিমধ্যে বাবা লাহণে বাইকসহ বিভিন্ন বাহন চুৰিৰ কথা স্বীকাৰ কৰিছে৷