মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

১৬ নৱেম্বৰ

বিটিচিৰ ৫ নং শৰাইবিল সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰীৰ নিৰ্বাচনী প্ৰচাৰ। বিশাল পদযাত্ৰা উলিয়াই নিৰ্বাচনী প্ৰচাৰ মৃত্যুঞ্জয় নাৰ্জাৰীৰ। বিজেপি আৰু ইউপিপিএল এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি মন্তব্য বিল্লা কুমাৰ ব্ৰক্ষৰ। বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা বিপিএফ দলৰ নেতা সকলৰ।

বিপিএফ জিন্দাবাদ, হাগ্ৰামা মহিলাৰী জিন্দাবাদ, নাঙল চিহ্নত ভোট দিয়ক, বিজেপি গ বেক, হিমন্ত বিশ্ব শৰ্মা গ বেক, বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন ধ্বনিৰে বিপিএফ দলৰ নেতা-নেত্ৰী, কৰ্মী আৰু সমৰ্থক সকলে বিশাল পদযাত্ৰা সমদল উলিয়াই গোসাইগাঁও সদৰ চহৰৰ মূল পথ সমূহ পৰিভ্ৰমণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা চলাই৷ সোমবাৰে গোসাইগাঁও সদৰ চহৰৰ উওৰ পাৰাৰ গান্ধী পথাৰৰ পৰা পদযাত্ৰা সমদলৰ শুভাৰম্ভ কৰি গোসাইগাঁও সদৰ চহৰ পৰিভ্ৰমণ কৰি বিটিচিৰ কোকৰাঝাৰ জিলাৰ শৰাইবিল সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰী সপক্ষে ভোট দিয়াৰ বাবে ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ স্বাৰ্থত পদযাত্ৰা সমদল উলিয়াই বিপিএফ দলে৷ শৰাইবিল ব্লক বিপিএফৰ উদ্দোগত উলিওৱা পদযাত্ৰা সমদলত বিভিন্ন জনগোষ্ঠীৰ প্ৰায় দুই সহস্ৰাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰি গোসাইগাঁও সদৰ চহৰত এক উৎসৱমূখৰ পৰিৱেশ গঢ়ি কৰি তোলা পৰিলক্ষিত হয়৷ সমদলৰ অন্তত শৰাইবিল ব্লক বিপিএফৰ সভাপতি বিল্লা কুমাৰ ব্ৰক্ষই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপি চৰকাৰে প্ৰশাসনক ব্যৱহাৰ কৰিও বিপিএফ দলৰ বিজয়ৰ পথ ৰুদ্ধ কৰিব নোৱাৰিব৷ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিটিচিত আহি যি সমূহ ভাষা প্ৰয়োগ কৰি আছে সেই ভাষা সমুহ এজন মন্ত্ৰীৰ মুখত শোভা নাপায়৷ মন্ত্ৰী গৰাকী বিটিচিত যিমানেই মিটিং কৰিব সিমানেই বিপিএফ দলৰ শুভ হ’ব৷ নেতা গৰাকীয়ে আৰু কয় যে বিজপি আৰু ইউ পি পিএল এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷

সমদলত শৰাইবিল সমষ্টিৰ প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰী, শৰাইবিল ব্লক বি পিএফৰ সম্পাদক অশোক মাৰ্ডী উপস্থিত থাকে। বিপিএফ দলৰ নেতা-কর্মী সকলে দাবী কৰে যে বিটিচিবাসী ৰাইজৰ আস্থা বিপিএফৰ অটুট আছে আৰু ৰাইজে বিপুল ভোটৰ ব্যৱধানত বিপিএফ দলৰ প্ৰাৰ্থী সকলক বিজয় কৰাৰ। বিটিচিত হাগ্ৰাম মহিলাৰীৰ নেতৃত্বত বিপিএফ দলৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলিও দাবী কৰে বিপিএফৰ নেতা সকলে।