আনিছুৰ আলী

গৌৰীপুৰ

২৫ জুলাই

নামনি অসমৰ ধুবুৰী জিলাৰ ২৪ নং গৌৰীপুৰ বিধান সভা সমষ্টিৰ ঢেপঢেপী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চলে মদৰ আড্ডা। দিনে-নিশাই স্বাস্থ্যকেন্দ্ৰটোৰ একাংশ কৰ্মচাৰীয়ে স্বাস্থ্যকেন্দ্ৰটোত চলাই আহিছে মদৰ আড্ডা। স্থনীয় ৰাইজে দীৰ্ঘদিন ধৰি অভিযোগ কৰি অহাৰ পিছতো স্বাস্থ্যকেন্দ্ৰটোৰ চিকিৎসকে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ৷

ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত ঢেপঢেপী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত দীৰ্ঘ দিনৰ পৰা একাংশ কৰ্মচাৰীয়ে দিনে-নিশাই মদৰ আড্ডা চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ ৰাইজৰ অভিযোগ অনুসৰি স্বাস্থ্যকেন্দ্ৰটোৰ এগৰাকী ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী শিবুল চন্দ্ৰ ৰায়ে স্বাস্থ্যকেন্দ্ৰটোত চলাই আহিছে মদৰ আড্ডা৷ স্বাস্থ্যকেন্দ্ৰটোৰ দায়িত্বত থকা চিকিৎসক সকলক স্থানীয় ৰাইজে ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী শিবুল চন্দ্ৰ ৰায় স্বাস্থ্যকেন্দ্ৰটোত দীৰ্ঘদিন ধৰি মদৰ আড্ডা চলাই অহাৰ অভিযোগ দিয়াৰ সত্বেও স্বাস্থ্যকেন্দ্ৰটোৰ চিকিৎসকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে।

অভিযোগৰ মাজতে শুকুৰবাৰে নিশা ১১ মান বজাত স্বাস্থ্যকেন্দ্ৰটোৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী শিবুল চন্দ্ৰ ৰায় আৰু তেওঁৰ বন্ধু বিৰেন্দ্ৰ নাথ ৰায় পুনৰ স্বাস্থ্যকেন্দ্ৰটোত মদৰ আড্ডা দিয়াত স্থনীয় দুজন যুৱক দিপক ৰায় আৰু সুনীল ৰায়ে বাধা আৰোপ কৰাত শিবুল চন্দ্ৰ ৰায় আৰু তেওঁৰ বন্ধু বিৰেন্দ্ৰ নাথ ৰায়ে চোকা অস্ত্ৰৰে যুৱক দুজনক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে। আঘাতপ্ৰাপ্ত দিপক ৰায় আৰু সুনীল ৰায়ে ইতিমধ্যে ঘটনা সংক্ৰান্তত গোলকগঞ্জ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে৷ আনহাতে স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মচাৰী শিবুল চন্দ্ৰ ৰায় আৰু তেওঁৰ বন্ধু বিৰেন্দ্ৰ নাথ ৰায়ে মদৰ আড্ডা দিয়াত বাধা আৰোপ কৰা দিপক ৰায় আৰু সুনীল ৰায়ৰ বিৰুদ্ধেও এখন এজাহাৰ গোলকগঞ্জ আৰক্ষী চকীত দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ সদিয়াৰ পৰা নামনি অসমৰ ধুবুৰীলৈকে স্বাস্থ্য বিভাগত যথেষ্ট পৰিবৰ্তন আনিছে বুলি সঘনাই দাবী কৰি থকাৰ মাজতে স্বাস্থ্য বিভাগৰ প্ৰকৃততে কি পৰিবৰ্তন হৈছে ইয়াৰ উদাহৰণ গৌৰীপুৰৰ ঢেপঢেপী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত মদৰ আড্ডা। যি সময়ত সমগ্ৰ ৰাজ্যত মহামাৰী কৰ’ণা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে সেই সময়ত স্বাস্থ্যকেন্দ্ৰত মদৰ আড্ডাই সাধাৰণ জনতাৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷