জনীয়া, সংবাদ ৩৬৫, ২৮ জানুৱাৰী : ৫ ফেব্ৰুৱাৰীত জনীয়াস্থিত ফখৰুদ্দিন আলী আহমেদ মেম’ৰিয়াল জুনিয়ৰ কলেজ খেল পথাৰত বৃহত্তৰ জনীয়া যুৱ সমাজৰ উদ্যোগত আয়োজন কৰা হৈছে বিশাল ধৰ্মসভাৰ ।

ধৰ্মসভাখন পৰিচালৰ বাবে এখন কমিটিও গঠন কৰা হৈছে । কমিটিখনত মকবুল হুছেইনক সভাপতি, হাফিজ ইছুব আলী আহমেদক কাৰ্যকৰী সভাপতি, মাজিদুল ইছলামক সম্পাদক, বাহাৰুল ইছলামক সহঃ সম্পাদক, সদৰ আলী আৰু কিসমৎ আলীক কোষাধ্যক্ষ পদত নিযুক্ত কৰা হৈছে ।

হাফিজ কাৰী মৌলনা ইবাদুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া ধৰ্মসভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পবিত্ৰ কোৰাণ আৰু হদিছৰ ওপৰত ওৱাজ প্ৰদান কৰিব পশ্চিম বংগৰ মৌলনা মতিউৰ ৰহমান নুমানিয়ে।

ধর্মসভাখনৰ বাবে মঙ্গলবাৰে পুৱা জনীয়াৰ ধৰ্মপ্ৰাণ ৰাইজ একত্ৰিত হৈ ধৰ্মসভাখনৰ সফল আৰু দেশৰ শান্তি কামনাৰে দোৱা কৰাৰ লগতে ধৰ্মসভাৰ উদ্বোধনী খুঁটা পুতা হয়।

উক্ত ধৰ্মসভাত সকলো স্তৰৰ ৰাইজৰ উপস্থিতি পৰিচালনা কমিটিয়ে আন্তৰিকতাৰে কামনা কৰিছে।