তিনিচুকীয়াৰ পৰা প্ৰশান্ত সাহা, সংবাদ ৩৬৫, ১৬ জুন : বাঘজান তৈল খাদ্ত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডৰ ফলত ঘৰ এৰি আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হোৱা লোক সকলৰ কাষত থিয় দিলে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ ‘আজমল ফাউণ্ডেশ্যন’। আশ্ৰয় শিবিৰত থকা লোক সকলৰ মাজত ‘আজমল ফাউণ্ডেশ্যনে’ বিতৰণ কৰিলে বস্ত্ৰ তথা অন্যান্য সামগ্ৰী।

উজনি অসমৰ তিনিচুকীয়া জিলাৰ বাঘজানত তৈল খাদত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডৰ মঙলবাৰে ৮ টাকৈ দিন সম্পূৰ্ণ হ’ল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা শাসকীয় আৰু বিৰোধী ৰাজনৈতিক দলৰ নেতা সকলৰ লগতে বিভিন্ন দল-সংগঠনৰ লোকে পৰিদৰ্শন কৰি আছে ঘটনাস্থলীৰ। এই অগ্নিকাণ্ডৰ ফলত প্ৰভাৱিত হৈ নিজৰ ঘৰ এৰি আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হোৱা লোক সকলৰ কাষলৈও ৰাজনৈতিক তথা অন্যান্য দল-সংগঠনৰ নেতা সকলে গৈ খবৰ লোৱাৰ লগতে সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে মঙলবাৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ ‘ আজমল ফাউণ্ডেশ্যন’ সাহায্য লৈ উপস্থিত হয় বাঘজান আশ্ৰয় শিবিৰত। ‘আজমল ফাউণ্ডেশ্যন’ৰ ফলৰ পৰা আশ্ৰয় শিবিৰত থকা লোক সকলৰ মাজত মুঠ ১০ লাখ টকা মূল্যৰ বস্ত্ৰৰ লগতে অন্যান্য সমগ্ৰী বিতৰণ কৰা হয়। বাঘজান অগ্নিকাণ্ডৰ ফলত আশ্ৰয় শিবিৰত থকা লোক সকলৰ মাজত সাহায্য বিতৰণ কৰিবলৈ বাঘজানত উপস্থিত থাকে এ আই ইউ ডি এফ দলৰ মুখপাত্ৰ আমিনুল ইছলাম, পশ্চিম বিলাসিপাৰা সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ, আজমল ফাউণ্ডেশ্যনৰ ফেজুল আলমৰ লগতে দুমডুমাৰ কংগ্ৰেছ বিধায়ক দুৰ্গা ভূমিজ।

আনহাতে সাহায্য বিতৰণৰ পিছত আশ্ৰয় শিবিৰত থকা এগৰাকী মহিলাৰ লগত বদৰুদ্দিন আজমলে ভিডি’অ কলিংৰ জৰিয়তে কথা পাতি পৰিস্থিতিৰ বুজ লয়। যোৱা ৯ জুন তাৰিখে বাঘজান তৈল খাদত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত নিহত হোৱা অইল ইণ্ডিয়াৰ কৰ্মচাৰী দুজনৰ পৰিয়াললৈ ‘আজমল ফাউণ্ডেশ্যন’ৰ ফালৰ পৰা ৫০-৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হয়।