গুৱাহাটী, সংবাদ ৩৬৫, ১ জুলাই : মহানগৰীত লক ডাউন চলি থকাৰ মাজতে বুধবাৰে সন্ধিয়া জু-ৰোডত গাড়ীৰ পৰা নামিল মুখ্যমন্ত্ৰী। ৰাজপথত গাড়ী ৰখাই জু-ৰোড তিনিআলিত কৰ্তব্যত ব্যস্ত যান-বাহন আৰক্ষীৰ লোক সকলৰ লগত মত বিনিময় কৰি কি ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ?

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ মহানগৰীত ভয়াবহ ভাৱে বৃদ্ধি পোৱাত ৰাজ্য চৰকাৰে যোৱা দেওবাৰ নিশাৰ ভাগৰ পৰা গুৱাহাটী মহানগৰীত ঘোষণা কৰিছে লক ডাউন। বুধবাৰে লক ডাউনৰ তৃতীয় দিনা সন্ধিয়া প্ৰায় ৭ মান বজাত মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱাল মহানগৰীৰ জু-ৰোডেৰে যাত্রা কৰি থাকোতে মুখ্যমন্ত্ৰীৰ চকু পৰি জু-ৰোড তিনিআলিত সেই সময়ত কৰ্তব্যত ব্যস্ত হৈ থকা যান-বাহন আৰক্ষীৰ লোক সকলৰ ওপৰত। হঠাৎ মুখ্যমন্ত্ৰী গৰাকী গাড়ীৰ পৰা নামাজ আহি কাষ পালে যান-বাহন আৰক্ষীৰ লোক সকলৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কৰ্তব্যত ব্যস্ত থকা আৰক্ষীৰ লোক সকলৰ লগত মত-বিনিময় কৰি লক ডাউনৰ এই কঠিন সময়ত আৰক্ষীৰ লোক সকলৰ কামৰ বুজ লোৱাৰ উপৰি আৰু অধিক দায়বদ্ধতাৰে কৰ্তব্য পালন কৰিবলৈ আৰক্ষীৰ লোক সকলক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ লোক সকলে কৰ’ণা ভাইৰাছৰ এই মহামাৰীৰ সময়ত সমাজলৈ আগবঢ়াই অহা সেৱাৰ শলাগ লয়।

মুখ্যমন্ত্ৰী গৰাকীয়ে সেই সময়ত জু-ৰোড তিনিআলিত উপস্থিত হোৱা সাংবাদিক সকলৰ আগত মন্তব্য প্ৰকাশ কৰি কয় আৰক্ষীৰ জোৱান সকলে লক ডাউনৰ এই সময়ত যথেষ্ট নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি আছে। জন সাধাৰণতে যাতে নিষ্ঠাৰে আৰু শৃংখলাবদ্ধভাৱে লক ডাউনৰ নীতি-নিৰ্দেশনা পালন কৰে ইয়াৰ প্ৰতি আৰক্ষীৰ লোক সকলে চোকা দৃষ্টি ৰাখিছে। কৰ্তব্যত ব্যস্ত হৈ থকা এই আৰক্ষীৰ জোৱান সকলৰ মনোবল বৃদ্ধিৰ বাবে আজি তেওঁলোকৰ লগত মত বিনিময় কৰা বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।