জনীয়া

৩০ জুলাই

জনীয়া সমষ্টিৰ কামাৰপাৰা আৰু চলচলীয়াত বেঁকী নদীৰ খহনীয়াৰ তাণ্ডব। বিদ্যালয়ৰ লগতে কেইবাশ পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে বেঁকী নদীৰ খহনীয়া। বাঁহেৰে খহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা। আল্লাহৰ সহায় বিচাৰি নৈৰ পাৰত প্ৰাৰ্থনা।

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কামাৰপাৰা আৰু চলচলীয়া গাঁৱত বেঁকী নদীৰ ভয়াবহ খহনীয়াই ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। অঞ্চল দুটাত বানপানী কিছু পৰিমাণে হ্ৰাস পাইছে যদিও খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাত ইতিমধ্যে কুৰিটাকৈ অধিক পৰিয়ালৰ ঘৰ-দুৱাৰ এৰি নিৰাপদ ঠাইত লৈ যাবলগীয়া হৈছে। গাঁওখনৰ জেকনিকুৰা প্ৰাথমিক বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰৰ লগতে কেইবাশ পৰিয়াললৈ তীব্ৰ ভাবুকিৰ কঢ়িয়াই আনিছে বেঁকী নদীৰ খহনীয়াই। ইফালে খহনীয়া প্ৰতিৰোধৰ বাবে গাঁওবাসী একত্ৰিত হৈ নিজৰ পকেটৰ ধন খৰচ কৰি বাঁহেৰে পাৰ্কুপাইন লগাই খহনীয়া ৰোধৰ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। বেঁকী নদীৰ খহনীয়া ৰোধৰ বাবে পঞ্চায়ত সভাপতি ছৈয়দ আলী মণ্ডল আৰু জেকনিকুৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্বৰিফ উদ্দিনেও ৰাইজ আৰ্থিক সাহায্য আগবঢ়োৱা বুলি জানিব পৰা গৈছে।

ইফালে বেঁকী নদীৰ তীব্ৰ খহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰাত খহনীয়া প্ৰভাৱিত গাঁৱৰ ৰাইজে নেদেখাজনৰ সহায় বিচাৰি প্ৰাৰ্থনা কৰাও পৰিলক্ষিত হৈছে। খহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে বাৰম্বাৰ জিলা প্ৰশাসন আৰু চৰকাৰক আহ্বান জনাই আহিছে যদিও প্ৰশাসন আৰু চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰিছে ৰাইজ। ৰাইজে পুনৰবাৰ খহনীয়াৰ কবলত পৰা অঞ্চল দুটা ৰক্ষা কৰিবলৈ জিলা প্ৰশাসন, স্থানীয় বিধায়ক, সাংসদ আৰু ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰ কামনা কৰিছে।