ধুবুৰী, সংবাদ ৩৬৫, ১৮ মেঃ বিহু অসমৰ জাতীয় উৎসৱ। পিছে বিহু কাক বোলে জানেনে? প্ৰতি মাহৰ শেষৰ দিনটোক বিহু বোলে। আচৰিত যেন লাগিলেও ধুবুৰীৰ পৰা প্ৰকাশিত সহজ ব্যাকৰণ আৰু ৰচনা নামৰ কিতাপ খনত এয়াই দাঙি ধৰা হৈছে। অসমীয়া সমাজ সংস্কৃতিক বিকৃত ৰূপত পৰিবেশন কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে ধুবুৰীৰ এগৰাকী তথাকথিত লেখকে। ধুবুৰীৰ নিউ মহাম্মদীয়া পোস্তকালয়ৰ গৰাকী তথা সহজ ব্যাকৰণ আৰু ৰচনা নামৰ কিতাপ খনৰ লিখক মহম্মদ ইউনুচ আলী নামৰ এজন ব্যক্তিয়ে আবিষ্কাৰ কৰিছে বিহুৰ এক নতুন সংজ্ঞা। অৱশ্যে অইন কিতাপৰ পৰা কপি পেষ্ট কৰি এইদৰে কিতাপ প্ৰকাশ কৰা হৈছে এইজন বিতৰ্কিত লেখকৰ দ্বাৰা। বিতৰ্কৰ পিছতেই ভুল স্বীকাৰ কৰিছে বিতৰ্কিত লিখক ইউনুচ আলীয়ে। পিছে এই সংজ্ঞা চাই এতিয়া ক্ষোভত জ্বলিছে অসমৰ বিভিন্ন জাতীয় সংগঠন। অকল সংজ্ঞাই নহয়, ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে যোৱা কেই বছৰৰ পৰা প্ৰকাশ কৰা এইখন কিতাপত বিহুক বুজাবলৈ উপস্থাপন কৰা চিত্ৰকো বিকৃত ৰূপত প্ৰদৰ্শন কৰা হৈছে। বিহুৰ এই বিতৰ্কৰ পিছতেই ব্যক্তি জনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে কিতাপখন জব্দ কৰাৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে।