আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
২৭ ডিচেম্বৰ

বন বিভাগৰ জালত গজৰাজ হত্যাকাৰী৷ শিৱসাগৰত ছয় যুৱকক বনৰীয়া হাতীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ৷ বন বিভাগে ওৰে নিশা অভিযান চলাই ছয় বনৰীয়া হাতীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

শিৱসাগৰৰ বন সংমণ্ডল বিষয়া আৰু বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলা এক অভিযানত বন বিভাগৰ জালত পৰে বনৰীয়া হাতীৰ হত্যাৰ লগত জড়িত ছয় যুৱক। বন বিভাগে বনৰীয়া হাতীৰ হত্যাৰ অভিযোগত অংকুৰ গগৈ, ৰুণজুন চুতীয়া, মনোজ গগৈ, অমল গগৈ, বুলবুল গগৈ আৰু পংকজ গগৈক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ কৰা ছয় বনৰীয়া হাতীৰ হত্যাকাৰীক শাৰিৰীক স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালতত হাজিৰ কৰোৱা হয়৷

উল্লেখ্য যে ধৃত ছয় যুৱকে দিচাংমুখৰ লেপাই গাঁৱৰ দীঘল দৰিয়ালী অঞ্চলত দুজনীকৈ পুৰ্ণ বয়স্কা মাইকী হাতী চলাৰ বিদ্যুতৰ সহায়ত হত্যা কৰিছিল৷ বন বিভাগৰ জেৰাত অভিযুক্ত যুৱক কেইজনে বনৰীয়া হাতীৰ হত্যাৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰে।