আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ
২৬ ডিচেম্বৰ

শিৱসাগৰত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু। শিৱসাগৰ জিলাৰ দিচাংমুখ আৰক্ষী চকীৰ অন্তৰ্গত লেপাই ৰিৰীয়াৰ দীঘল দৰিয়লী গাঁৱৰ দিচাং নদীৰ পাৰত দুটাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ।

শিৱসাগৰ চহৰৰ পৰা প্ৰায় বিশ কিলোমিটাৰ নিলগত সংঘটিত হৈছে এই ঘটনা৷ নিশাৰ ভাগত ৰহস্যজনকভাৱে মৃত্যুৰ মুখত পৰিছে দুটাকৈ পুৰ্ণ বয়স্ক বনৰীয়া হাতী৷ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতী দুটা বিষক্ৰিয়া নে দুবৃত্বই হত্যা কৰিছে সেইয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই৷ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বন বিভাগৰ শীৰ্ষ বিষয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷

হাতী দুটাক দুস্কৃতিকাৰীয়ে বিদ্যুৎৰ দ্বাৰা হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে৷ ঘটনাস্থলীৰ পৰা বাহ আৰু বিদ্যুৎৰ তাৰ উদ্ধাৰ কৰিছে বন বিভাগে।