কলগাছিয়া, সংবাদ ৩৬৫, ১৮ জানুৱাৰী: অসমৰ আগশাৰীৰ টিভি চেনেল(সংবাদ মাধ্যম) ডি ওৱাই ৩৬৫ত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰৰ এক সাক্ষাৎকাৰ অনুষ্ঠানত মইনবড়ী সত্ৰ বংগমূলীয় মুছলমানৰ অত্যাচাৰৰ বাবে স্থানান্তৰিত হৈ সৰভোগত স্থাপন হোৱা বুলি মন্তব্য প্ৰদান কৰাৰ পিছতেই জাঙুৰ খাই উঠে মইনবড়ীবাসী ৰাইজ। আৰু লগতে ক্ষোভিত হৈ পৰিছে সত্ৰাধীকাৰ পৰিয়ালবৰ্গ। বুঢ়া সত্ৰাধীকাৰ গণেশ চন্দ্ৰ অধিকাৰীৰ কনিষ্ঠ ভাতৃ ৰনজিৎ অধিকাৰীয়ে বৰ্তমানো উক্ত মইনবড়ীত শান্তিৰে বাস কৰি থকা বুলি উল্লেখ কৰি কয় যে “ইয়াত হিন্দু- মুছলমানে সমন্বয়ৰে বসবাস কৰি আছো¸ ইয়াত এজনো বাংলাদেশী নাই”। তেওঁ লগতে হিমন্ত বিশ্ব শৰ্মাক মইনবড়ীলৈ আহি সত্যৰ মুখামুখী হোৱাৰ বাবে প্ৰত্যাহ্বানো জনায়। মহাবাহু ব্ৰহ্মপুত্ৰ আৰু বেঁকী নৈৰ প্ৰবল গৰাখহনীয়াৰ ফলত সত্ৰখন স্থানীয় ৰাইজক কন্দোৱাই সৰভোগত প্ৰতিষ্ঠা কৰা বুলি উল্লেখ কৰি আবেগিক হৈ পৰা অধিকাৰীয়ে এনেধৰণৰ সাম্প্ৰদায়িক আৰু বিভেদগামী বক্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ মন্ত্ৰীগৰাকীক সকীয়াই দিয়ে। গুৰু ভটিমা আৰু আজানৰ সুৰেৰে সমন্বয় সম্প্ৰীতিৰ মিলন ভূমি মইনবড়ী-হাদিৰাচকী আজি লুইতৰ বুকুত জাহ যোৱা ইতিহাস প্ৰসিদ্ধ। মইনবড়ী সত্ৰখন অসম আন্দোলনৰ সময়ত একমাত্ৰ অসমীয়া হিন্দু পৰিয়ালটোক অঞ্চলটোৰ তথাকথিত বংগমূলীয় মানুহ সকলে ৰক্ষণাবেক্ষণ দিছিল। মইনবড়ী সমবায় সমিতিৰ সভাপতি আবুল কালাম আজাদ¸আনোৱাৰ হুছেইন দেৱানী¸ বিশিষ্ট ব্যক্তি ক্ষীতিশ চন্দ্ৰ সাহা¸চিন্তাবিদ মাইন উদ্দিন¸ অৱসৰ প্ৰাপ্ত শিক্ষক ধীৰেন পাল¸ জহুৰুল ইছলাম বি এছ চি আদিৰ উপৰিও প্ৰায় কুৰি গৰাকী ভিন্ন সম্প্ৰদায়ৰ স্থানীয় ৰাইজৰ লগত শুকুৰবাৰে মত বিনিময় কৰাত স্থানীয় ৰাইজে সত্ৰখন পুনৰায় মইনবড়ীত স্থাপন কৰিবলৈ আগ্ৰহী বুলি মত প্ৰকাশ কৰি সমস্ত খৰচ স্থানীয় ৰাইজ বিশেষকৈ মুছলমান সমাজে বহন কৰিব আৰু প্ৰয়োজন অনুসৰি ভূমি দান কৰিব বুলি জানিবলৈ দিয়ে।