নৱজ্যোতি বৰুৱা

চমগুৰি

২৫ ডিচেম্বৰ

বৰদিন উপলক্ষে চমগুৰিৰ গীৰ্জা ঘৰত কংগ্ৰেছ নেতা তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন। খ্ৰীষ্টিয়ান ধৰ্মীয় লোক সকলৰ লগত পবিত্ৰ বৰদিনৰ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিলে বিধায়ক গৰাকীয়ে। সমষ্টিবাসীৰ লগতে ৰাজ্যবাসীলৈ বৰদিনৰ শুভেচ্ছা জ্ঞাপন ৰকিবুল হুছেইনৰ।

আজি খ্ৰীষ্টিয়ান ধৰ্মীয় লোক সকলৰ পবিত্ৰ বৰদিন। কৰ’ণা মহামাৰীৰ সন্ত্ৰাসৰ মাজতে বিশ্ববাসী খ্ৰীষ্টিয়ান ধৰ্মীয় লোক সকলে উদযাপন কৰিলে বৰদিন। কৰ’ণাৰ বাবে অসমতো বৰদিন উপলক্ষে ৰাইজৰ মাজত দেখিবলৈ পোৱা নগ’ল পূৰ্বৰ দৰে উৎসাহ। কৰ’ণা সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ মাজত সীমিত সংখ্যক লোকৰ উপস্থিতিত গীৰ্জা ঘৰ সমূহত বৰদিনৰ প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়। ইয়াৰ মাজতে নগাঁও জিলাৰ চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন বৰদিন উপলক্ষে পুৱাৰ ভাগতে উপস্থিত হয় চামগুৰিৰ গীৰ্জা ঘৰ সমূহত। চামগুৰিৰ বৰদল, উডমাৰী আৰু ৰঙাজান অঞ্চলত থকা গীৰ্জা ঘৰত উপস্থিত হৈ বিধায়ক ৰকিবুল হুছেইনে বৰদিনৰ প্ৰাৰ্থনাত ভাগ লয়। কেৰলৰ সুৰে সুৰে বিধায়ক গৰাকীক দেখিবলৈ পোৱা যায় নৃত্যত অংশগ্ৰহণ কৰা।

ৰকিবুল হুছেইনে বৰদিন উপলক্ষে নিজ সমষ্টিৰ প্ৰতিটো গীৰ্জা ঘৰত উপস্থিত হৈ ৰাইজৰ মাজত মিঠাই বিতৰণ কৰে। বিধায়ক গৰাকীয়ে সমষ্টিবাসীৰ লগতে ৰাজ্যবাসীক পবিত্ৰ বৰদিবৰ শুভেচ্ছাও জ্ঞাপন কৰে।