কলগাছিয়া, সংবাদ ৩৬৫, ১ জুলাই : বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়া ৰাজহ চক্ৰৰ এলেকাধীন বানাক্ৰান্তৰ বুজ ললে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ। বানাক্ৰান্ত ৰাইজৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰি বান-গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায় বিধায়ক গৰাকীয়ে।

ৰাজ্যত এতিয়া উজনিৰ পৰা নামনি লৈকে চলিছে বানৰ তাণ্ডৱ। নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ-উপনৈ সমূহ, ফলত কালৰূপ ধৰণ কৰিছে নদীৰ বাঢ়নী পানীয়ে। ৰাজ্যৰ বান প্ৰভাৱিত জিলা সমূহৰ ভিতৰত অন্যতম হৈছে বৰপেটা জিলা। প্ৰতিবছৰে বানপানীয়ে জুৰুলা কৰি যোৱা জিলাখনৰ বিভিন্ন অঞ্চল এইবাৰো পৰিছে বানৰ কবলত, ক্ষতিগ্ৰস্ত হৈছে কেইবা হাজাৰ লোক। বিশেষকৈ জিলাখনৰ বাঘবৰ সমষ্টিত ব্যাপক ক্ষতিসাধন কৰিছে বানপানীয়ে। বাঘবৰ সমষ্টিৰ ৭০ শতাংশ লোকৰ ঘৰৰ সম্পূৰ্ণ ৰূপে ডুব গৈছে বাঢ়নী পানীত। বানপানীৰ কবলত পৰা বহু লোক আশ্ৰয় ল’বলৈ বাধ্য হৈছে ওখ ঠাই সমূহত। কোনোবাই যদি আশ্ৰয় লৈছে মাথাউৰিৰ ওপৰত, কোনোবাই আকৌ কিবাকৈ পৰিয়ালকলৈ আছে আশ্ৰয় শিবিৰত। এটুপাল বিশুদ্ধ খোৱা পানী আৰু খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজ। ৰাইজৰ এই সংকটৰ সময়ত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে সমষ্টিটোত বিধায়ক শ্বেৰমান আলী আহমেদ। বুধবাৰে যন্ত্ৰ চালিত নাৱেৰে বানাক্ৰান্ত ৰাইজে আশ্ৰয় লোৱা শিবিৰ সমূহত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ ললে বিধায়ক শ্বেৰমান আলী আহমেদে। বিধায়ক শ্বেৰমান আলী আহমেদে বানাক্ৰান্ত ৰাইজক দুই এদিনৰ ভিতৰতে সাহায্য প্ৰদানৰ লগতে বাঘবৰ সমষ্টিত বান আৰু গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়।

বিধায়ক শ্বেৰমান আলী আহমেদে বানাক্ৰান্ত ৰাইজৰ মাজত টিউবেল, তিৰ্পালৰ লগতে বিশুদ্ধ খোৱা পানী আৰু বিভিন্ন খাদ্য সামগ্ৰীও বিতৰণ কৰে। বিধায়ক গৰাকীৰ লগত বানাক্ৰান্ত ৰাইজে আশ্ৰয় লোৱা শিবিৰ সমূহত উপস্থিত থকা লাট মণ্ডল আৰু গাওঁবুঢ়া সকলক বিধায়ক গৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ ক্ষয়-ক্ষতিৰ প্ৰতিবেদন দাখিল কৰাৰ লগতে প্ৰতিটো মুহূৰ্ততে বানাক্ৰান্ত ৰাইজৰ খবৰ ৰাখিবলৈ আহ্বান জনায়।