আব্দুল্লাহ শেখ

হাটশিঙিমাৰী

৪ আগষ্ট

ৰাজ্যৰ বান প্ৰভাৱিত জিলা সমূহৰ ভিতৰত অন্যতম জিলা হৈছে নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা। চলিত বছৰত বানপানীয়ে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো সংহাৰী ৰূপ ধাৰণ কৰি জিলাখনত ব্যাপক ক্ষতি সাধন কৰিছে। বৰ্তমান জিলাখনত বানপানী কিছু পৰিমানে হ্ৰাস পাইছে যদিও জিলাখনৰ বহু অঞ্চল এতিয়াও জলমগ্ন হৈ আছে।

বান প্ৰভাৱিত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বানপানীৰ সমান্তৰালে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। মঙলবাৰে দক্ষিণ শালমাৰাৰ অন্তৰ্গত সুখচৰত পুনৰ দেখা গ’ল ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ভয়াবহ ৰূপ। সুখচৰৰ ঐতিহাসিক ঈদগাহ মাঠৰ ইমাম ঘৰ সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুৰ বুকুত বিলীন হৈ যোৱাৰ এক দৃশ্য অন কেমেৰাত বন্দী হৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ঘটনাই অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। উল্লেখ্য যে হাটশিঙিমাৰী আৰু দক্ষিণ শালমাৰাৰ মাজমজিয়াত অৱস্থিত সুখচৰ বেৰাভাঙাৰ ঐতিহাসিক ঈদগাহ মাঠ ময়দানখনত পবিত্ৰ ঈদৰ সময়ত উক্ত অঞ্চলৰ প্ৰায় তিনি হেজাৰ ইছলাম ধৰ্মাৱলম্বীৰ লোক নামাজ আদায় কৰিছিল। বানপানীৰ পূৰ্বৰে পৰা দক্ষিণ শালমাৰাৰ সুখচৰ, বেৰাভাঙা, হাজিৰহাট, পাটাকাটা ঐতিহাসিক দৈনিক বজাৰ, মনিৰচৰ, নাগাৰবান্দ, ফকিৰগঞ্জ আদি ঠাইত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও চৰকাৰে উক্ত অঞ্চল কেইটা গৰাখহনীয়াৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ কোনো ধৰণৰ আঁচনি হাতত লোৱা পৰিলক্ষিত হোৱা নাই।কৃষক মুক্তি সংগ্ৰাম সমিতি, আমছু, আছুকে ধৰি দক্ষিণ শালমাৰাৰ কেইবাটাও দল-সংগঠনে গৰাখহনীয়া ৰোধৰ বাবে প্ৰতিবাদৰ মাজেৰে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা চলাইও বিফল হোৱা পৰিলক্ষিত হৈছে।

সম্প্ৰতি বানপানী কিছু পৰিমাণে হ্ৰাস পাইছে যদিও দিনে-নিশাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে দক্ষিণ শালমাৰাত। তৎকালীন ভাৱে চৰকাৰ তথা প্ৰশাসনে যদি হাটশিঙিমাৰীৰ সুখচৰৰ পৰা হাজিৰহাট হৈ দক্ষিণ শালমাৰাৰ নাগাৰবান্দ লৈকৈ ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়া ৰোধৰ বাবে আঁচনি গ্ৰহণ নকৰিলে আগন্তুক কিছু বছৰৰ ভিতৰত দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকা সম্পূৰ্ণৰূপে অসমৰ মানচিত্ৰৰ পৰা হেৰাই যোৱাটো নিশ্চিত বুলি দক্ষিণ শালমাৰাৰ একাংশ সচেতন নাগৰিকৰ লগতে বিভিন্ন দল-সংগঠনৰ কৰ্মকৰ্তা সকলে মত পোষণ কৰিছে। মন কৰিবলগীয়া যে প্ৰশাসন তথা চৰকাৰে এনে ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়ত হে লক্ষ্যণীয় হ’ব।