গুৱাহাটী

৯ নৱেম্বৰ

ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত এজাহাৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। পাকিস্তান জিন্দাবাদ ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰাকলৈ অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ প্ৰভাৱশালী মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এজাহাৰ।

শিলচৰ বিমান বান্দৰৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰি বিপদত পৰিব নেকি ৰাজ্যৰ সবাতোকৈ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ? কিছুদিন পূৰ্বে এ আই ইউ ডি দলৰ প্ৰধান বদৰুদ্দিন আজমল শিলচৰ বিমান বন্দৰত উপস্থিত হোৱাত আজমলৰ সমৰ্থক সকলে “পাকিস্তান জিন্দাবাদ” বুলি শ্ল’গান দিয়া বুলি প্ৰকাশ কৰি এক ভিডিঅ’ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত আপলোড কৰিছিল। মন্ত্ৰী গৰাকীৰ এই ভিডিঅ’ সমগ্ৰ ৰাজ্যৰ লগতে দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত আপলোড কৰা ভিডিঅ’টোত “পাকিস্তান জিন্দাবাদ” বুলি কোনোধৰণৰ শ্ল’গান নাই বুলি স্পষ্ট হোৱাত সামাজিক মাধ্যমৰ পৰা আতৰাই দিয়া হয় এই ভিডিঅ’।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত আপলোড কৰা বদৰুদ্দিন আজমাৰ সমৰ্থ সকলে “পাকিস্তান জিন্দাবাদ” বুলি শ্ল’গান দিয়া ভিডিঅ’ ভুৱা বুলি প্ৰমাণিত হোৱাত এতিয়া মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি। প্ৰদেশ কংগ্ৰেছৰ এটা দলে সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুৱা প্ৰচাৰেৰে ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি ভঙাগড় আৰক্ষী থানাত মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। প্ৰদেশ কংগ্ৰেছৰ নেতা দুৰ্গা দাস বড়োয়ে কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত আপলোড কৰা ভুৱা ভিডিঅ’টো যদি সামাজিক মাধ্যমৰ কৰ্তৃপক্ষই আতৰাই নিদিলে হয় তেন্তে ই এটম বোমাতকৈও ভয়াবহ হ’লহে তেনে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভুৱা ভিডিঅ’ই যদি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিলেহেতেন তেন্তে ইয়াৰ দ্বাৰা কেইবা লাখ লোক ক্ষতিগ্ৰস্ত হ’লেহেতেনে বুলি মন্তব্য প্ৰকাশ কৰি দুৰ্গা দাস বড়োয়ে কয় হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ ওচৰত নিজৰ বজৰুৱা প্ৰচাৰৰ বাবে এই ভিডিঅ’ আপলোড কৰিছিল।

সামাজিক মাধ্যমত এটা সাধৰণ পোষ্ট দিয়াৰ বাবে বহু লোকক চৰকাৰখনে জেললৈ প্ৰেৰণ কৰিছে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চৰকাৰেখনে কেনে ধৰণৰ ব্যৱস্থা লয় সেয়া উল্লেখনীয় হ’ব বুলি এজাহাৰ দাখিল কৰা কংগ্ৰেছৰ দলৰ নেতা সকলে মন্তব্য কৰে। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্বে ব্যৱস্থা গ্ৰহণ কৰিব পৰিবে নে এই বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ দলৰ নেতা সকলে।