মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও 

১৭ ,নৱেম্বৰ

বিটিচিত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাাৰীৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ। বিপিএফ দলে দুৰ্নীতি কৰা বুলি হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলৰ জনসভা সমুহত ধাৰাবাহিক ভাৱে কব ধৰিছে৷ হিমন্ত বিশ্ব শৰ্মা নিজেই কিমান দুৰ্নীতি আৰু কেলংকাৰীত জড়িত আছে সেয়া একবাৰ ভাৱক তাৰ পাছত বেলেগক সমালোচনা কৰক বুলিও মন্তব্য প্ৰকাশ হাগ্ৰামা মহিলাৰীৰ। মোদী চৰকাৰে বিটিচিত এক হাজাৰ কোটি দিব লগা আছিল কিন্ত দিছে মাত্ৰ ৬০০ কোটি টকা, ৪০০ কোটি কত গ’ল বুলি হাগ্ৰামা মহিলাৰীৰ প্ৰশ্ন।

বিজেপি, ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী কোনো এটা দলেও বিটিচিত চৰকাৰ গঠন কৰিব নোৱাৰিব৷ বিপিএফ দলে ৩০ টা আসনত বিজয়ী হৈ বিটিচিত পুনৰায় চৰকাৰ গঠন কৰিব তাত কনো সন্দেহ নাই৷ বিটিচিত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানেই বিপিএফৰ বিৰুদ্ধে আবোল-তাবোল বকি থাকিলেও বিপিএফ দলৰ এক বিন্দু ক্ষতি কৰিব নোৱাৰিব৷ বিপিএফ দলে বিটিচি এলেকাৰ কেনেধৰণৰ উন্নয়ণ কৰিছে সেয়া ৰাইজে উপলব্ধি কৰিব পাৰিছে৷ বিটিচিত বিপিএফৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন অভিযোগ কৰিব ধৰিছে৷ সেই সমুহ অভিযোগ ভিওিহীন৷ বিপিএফ দলে দুৰ্নীতি কৰা বুলি হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলৰ জনসভা সমুহত ধাৰাবাহিক ভাৱে কব ধৰিছে৷ হিমন্ত বিশ্ব শৰ্মা নিজেই কিমান দুৰ্নীতি আৰু কেলংকাৰীত জড়িত আছে সেয়া একবাৰ ভাৱক তাৰ পাছত বেলেগক সমালোচনা কৰক৷ মোদী চৰকাৰে বিটিচিত এক হাজাৰ কোটি দিব লগা আছিল কিন্ত দিছে মাত্ৰ ৬০০ কোটি টকা, ৪০০ কোটি কত গ’ল বুলি হাগ্ৰামা মহিলাৰীয়ে প্ৰশ্ন কৰে৷ বিটিচিৰ বিযয়ে হিমন্ত বিশ্ব শৰ্মাই একো নাজানে৷ হিমন্ত বিশ্ব শৰ্মাৰ দাদা গিৰি বিটিচি এলেকাত নচলিব৷

কচুগাঁও সমষ্টিৰ ৰামপুৰ, পানবাৰী, খলিচানীমৰীত বিপিএফ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আহি তিনিটা জনসভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি লগতে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে যদি অকল বিটিচিৰ মানুহলৈ জনসমাগম কৰি সভা পাতক৷ আজিও গোসাইগাঁৱত বিজেপি দলৰ যিখন মিটং হৈছে সেইখন মিটিংতো বিটিচিৰ বাহিৰৰ পৰা মানুহ আনি জনসমাগমৰ সৃষ্টি কৰিছে বিজেপি দলে৷ বিজেপি দল যে মিছলীয়া তাৰ জলন্ত প্ৰমাণ হ’ল বিজেপি দল শাসনত আহিলে কোচ ৰাজ বংশী, আদিবাসী সকলক তিনি মাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা দিব বুলি বিজেপি দলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিঞৰ চিঞৰী ভাষণ দিছিল৷ মিথ্যাবাদী দল বিজেপিৰ নেতা, মন্ত্ৰী, পালিনেতাৰ কথাত ভোল নাযাবলৈ ৰাইজক আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে৷ বিটিআৰ চুক্তিও বিিটিচিৰ বাবে এক ভয়ংকৰ চুুুক্তি বুলি অভিহিত কৰে হাগ্ৰামা মহিলাৰীয়ে৷ আমাৰ দলে বিটিচিত খাচ মাটিত বসবাস কৰ লোক মাটিৰ পট্ৰা দিয়াৰ বাবে সদায় প্ৰস্তুত৷

বিটিচিৰ মানুহ শান্তিত দিন-ৰাতি অতিবাহিত কৰি থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই বিটিচিত আহি অযথা কথাৰে অশান্তি কৰা চেষ্টা চলাইছে বুলিও অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে৷ হিমন্ত বিশ্ব শৰ্মাই বিটিচিত নানা ভংগীৰে যিমানে ৰাজনীতি নকৰক কিয় হিমন্ত বিশ্ব শৰ্মাৰ বাকপটুতা বিটিচিত কামত নাহে বুলিও মহিলৰীয়ে কয়৷ জনসভা তিনিটাত বিধায়ক ৰবিৰাম নাৰ্জাৰী, ইএম শোভাৰাম বসুমাতাৰী উপস্থিত থাকে৷ বিপিএফ দলৰ পানবাৰী নিৰ্বাচনী সভাত প্ৰায় দুইশতাধিক আদিবাসী লোক বিপিএফ দলত যোগদান কৰে৷