মুস্তক আহমেদ

জুৰীয়া

৪ ডিচেম্বৰ

লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত ঢেঁকীয়াপতিয়া বাঘৰ সন্ৰাস। বিগত কিছুদিনত ঢেঁকীয়াপতিয়া বাঘে নিধন কৰিলে শতাধিক গৰু-ম’হ। লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া গাঁও সমূহত আতংকিত ৰাইজ। পথাৰত পশুধন এৰিদিলেই ঢেঁকীয়াপতিয়া বাঘে চলায় আক্ৰমণ।

নগাঁও জিলাৰ লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ দাতি কাষৰীয়া গাঁও সমূহৰ ৰাইজে ঢেঁকীয়াপতিয়া বাঘৰ উপদ্ৰৱত আতংকিত হৈ উজাগৰী নিশা কটাৱ লগীয়া হৈছে। বন্যপ্ৰাণী অভয়াৰণ্যখনৰ কাষৰীয়া গাঁও সমূহত নিতৌ ঢেঁকীয়াপতিয়া বাঘৰ আক্ৰমণত নিহত হৈছে পাওধন। লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখনৰ সুঁতিৰপাৰৰ চিতলমাৰি ৰাজহ গাঁৱৰ গো-পালক হাছেন আলীয়ে বনাঞ্চলৰ কাষত এৰাল দিয়া গৰু-ম’হৰ জাকৰ ওপৰত ঢেঁকীয়াপতিয়া বাঘে আক্ৰমণ চলাই আহত কৰে কেইবাটাও গৰু-ম’হক। পুৱাৰ ভাগত এৰাল দিয়া গৰু-ম’হ সন্ধিয়া বাঘৰ আক্ৰমণৰ বলি হৈ তেজেৰে লুতুৰি পুতুৰি অৱস্থাত ঘৰলৈ উভতি আহে। ইতিমধ্যে অঞ্চলটোৰ কেইবাগৰাকী গো-পালকৰ গৰু, ছাগলী, ম’হ বাঘৰ আক্ৰমণৰ বলি হৈ মৃত্যুৰ মুখত পৰিছে। বনাঞ্চলৰ কাষত অথবা পথাৰত এৰাল দিয়া বহু গৰু ম’হ ঘৰলৈ ঘূৰি নহাত ঢেঁকীয়াপতিয়া বাঘে সেইবোৰ গৰু, ম’হ ভক্ষণ কৰা বুলি সন্দেহ উপজিছে অঞ্চলবাসী ৰাইজৰ মনত। এতিয়া অঞ্চলটোত পোহনীয়া জীৱ-জন্তুৰ জীৱনৰ প্ৰতিয়ে নহয় ভাবুকি আহিছে মানুহৰো জীৱনৰ প্ৰতিও। সেয়ে বন বিভাগক অঞ্চলবাসী ৰাইজক সুৰক্ষা প্ৰদানৰ বাবে দাৱী জানাইছে লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলৰ ৰাইজে।

অঞ্চলটোৰ গো-পালক সকলৰ মতে প্ৰায় ১০-১২ টাকৈ ঢেঁকীয়াপতিয়া বাঘে নিতৌ লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষৰীয়া অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি চলাই আহিছে। ইতিমধ্যে বন বিভাগেও কিছুদিন পূৰ্বে লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত কেইবাটাও ঢেঁকীয়াপতিয়া বাঘ মুক্ত বিচৰণৰ কৰা দৃশ্য বন কৰ্মী সকলে প্ৰতেক্ষ কৰিছে বুলি জানিবলৈ দিছে। ঢেঁকীয়াপতিয়া বাঘৰ মুক্ত বিচৰণৰ কিছু দৃশ্য বন বিভাগৰ কেমেৰাতো আবদ্ধ হৈছে।