ৰঙিয়া

১২ নৱেম্বৰ

ৰঙিয়াত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিলে আলফা (স্বাধীন)ৰ নেতা দৃষ্টি ৰাজখোৱাসহ চাৰি কেডাৰ। বুধবাৰে মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰৰ দিলছেংৰে গাঁৱত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পন কৰিছিল আলফা (স্বাধীন)ৰ ভাৰপ্ৰাপ্ত উপ-সেনা প্ৰধান দৃষ্টি ৰাজখোৱাসহ চাৰি আলফা (স্বাধীন)ৰ কেডাৰ।

বৃহস্পতিবাৰে ৰঙিয়াস্থিত ৰেড হৰ্ণ সেনা বাহিনীৰ শিবিৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে আলফা (স্বাধীন)ৰ ভাৰপ্ৰাপ্ত উপ-সেনা প্ৰধান দৃষ্টি ৰাজখোৱা। দৃষ্টি ৰাজখোৱাসহ আত্মসমৰ্পণ কৰা আলফা (স্বাধীন) কেডাৰ কেইজন হৈছে লখিমপুৰ জিলাৰ ইয়াছিন আলী অসম, গোৱালপাৰা জিলাৰ কৃষ্ণইৰ ৰূপজ্যোতি ৰাভা ওৰফে লম্বু, গোৱালপাৰা জিলাৰ বাবুল ৰাভা আৰু গোৱালপাৰা জিলাৰ বেলপাৰা ৰাহুল হাজৰিকা ওৰফে লাডেন। আত্মসমৰ্পণকাৰী আলফা (স্বাধীন)ৰ কেডাৰ কেইজনে সেনা বাহিনীৰ হাতত জমা দিয়ে এটা এ কে ৮১ ৰাইফল, দুটা পিষ্টল, ৮৯ ৰাউণ্ড গুলী আৰু চাৰিটা মোবাইল ফোনসহ বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।

আলফা (স্বাধীন)ৰ ভাৰপ্ৰাপ্ত উপ-সেনা প্ৰধান দৃষ্টি ৰাজখোৱা দীৰ্ঘদিন ধৰি মেঘালয়ৰ গাৰো পাহাৰত আশ্ৰয় গ্ৰহণ কৰি থকাৰ খবৰ বিভিন্ন সময়ত প্ৰকাশ পাই আহিছিল। আত্মসমৰ্পণকাৰী আলফা (স্বাধীন)ৰ কেইজনে বিস্ফোৰন, ধনদাবী, অপহৰণৰ ঘটনাত অভিযুক্ত।