কুন্দন ভৰালী

নগাঁও

১৯ নৱেম্বৰ

এখন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ দেৱাল নিৰ্মাণৰ বাবে পুঁজি আগবঢ়াইছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। নগাঁও চহৰৰ পৰা নাতিদূৰৈত থকা মৰঙিয়াল মধ্য ইংৰাজী বিদ্যালয়ত নিৰ্মাণ হোৱা পকী দেৱালৰ শুভ উদ্ধোধন কৰে সাংসদ প্ৰদ্যুৎ বৰদলয়ে। দীৰ্ঘদিন ধৰি দেৱাল নথকা বিদ্যালয়খনৰ বৃহস্পতিবাৰে দেৱালৰ শুভ উদ্ধোধন কৰাত উৎফুল্লিত হৈ পৰে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকল।

সাংসদ পুঁজিৰ পাঁচ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা পকী দেৱালৰ শুভ উদ্ধোধনী অনুষ্ঠানত স্থানীয় পাখিমৰিয়া জিলা পৰিষদৰ সদস্যা দীপিকা শইকীয়া, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভাস্কৰ গোস্বামী উপস্থিত থাকে। সাংসদ পুঁজিৰে নিৰ্মিত দেৱালৰ শুভ উদ্ধোধন কৰি সাংসদ পুঁজিৰ প্ৰথম কিস্তিৰ সমূদায় ধন কৰ’ণা যুদ্ধৰ বাবে আগবঢ়োৱা বুলি উল্লেখ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈয়ে পুঁজি আগবঢ়োৱাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো সাংসদৰ পুঁজি কৰ্তন কৰি কৰ’ণা যুদ্ধত ব্যৱহাৰ কৰা বুলিও মন্তব্য কৰে।

ৰাজ্যত নতুনকৈ গঠিত আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’ আৰু ‘অসম জাতীয় পৰিষদ’ৰ বাবে কংগ্ৰেছৰ মহাজোটবন্ধনৰ দুৱাৰ খোলা আছে বুলি উল্লেখ কৰি ‘অসম জাতীয় পৰিষদে’ যদি বিজেপিৰ ‘বি’ টিম হিচাপে কাম কৰে তেন্তে সেয়া অসমবাসীৰ বাবে দুৰ্ভাগ্য বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে।