আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৯ নৱেম্বৰ

শিৱসাগৰৰ হাতীখোঁকত নিশা উত্তপ্ত পৰিস্থিতি৷ শোৱা পাটী এৰি নিশা অপৰাধীক কৰায়ত্ব কৰিবলৈ ৰাজপথলৈ ওলাই আহিল জনতা। স্থানীয় ৰাইজ আৰু গাঁওৰক্ষী বাহিনীৰ অভিযানত জালত পৰিল কূখ্যাত অপৰাধী ফাৰহান লস্কৰ। হানী ট্ৰেপিং, ধন দাবীৰ লগতে বহু অপৰাধৰ লগত জড়িত ফাৰহান লস্কৰ।

শিৱসাগৰ চহৰৰ কাষৰ হাতীখোঁক বুধবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অতি সংগোপনে ঐতিহাসিক অঞ্চলটোত এটা কূখ্যাত অপৰাধীয়ে আশ্ৰয় লোৱাক লৈয়েই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ ফাৰহান লস্কৰ নামৰ এজন কুখ্যাত অপৰাধীয়ে শিৱসাগৰ চহৰৰ গাতে লাগি থকা হাতিখোঁকত আশ্ৰয় লৈ থকাৰ খবৰ পাই শোৱা পাটী এৰি নিশা অপৰাধী জনক কৰায়ত্ব কৰিবলৈ ৰাজপথলৈ ওলাই আহে জনতা৷ ফাৰহান লস্কৰ নামৰ এটা কূখ্যাত অপৰাধীক জন অঞ্চলটোৰ এটা পৰিয়ালৰ গৃহত চদ্ম বেশেৰে দীৰ্ঘসময় ধৰি আশ্ৰয় লৈ আছিল। নিশা গাঁওৰক্ষী বাহিনীৰ সহায়ত স্থানীয় ৰাইজে অভিযন চলাই ফাৰহান লস্কৰ নামৰ এটা কূখ্যাত অপৰাধীক জন কৰায়ত্ব কৰি উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। ফাৰহান লস্কৰ নামৰ অপৰাধী জন পূৰ্বে হানী ট্ৰেপিং, ধন দাবীৰ গোচৰত জেললৈ গৈছিল৷ গেলেকি আৰক্ষীয়ে তিনি বছৰৰ পুৰ্বে দেওপানী বনাঞ্চলৰ পৰা কৰায়ত্ব কৰিছিল ফাৰহান লস্কৰক৷

নাজিৰা আৰক্ষী থানাতো কুখ্যাত অপৰাধী ফাৰহান লস্কৰৰ বিৰুদ্ধে ৰুজু হৈ আছে ধন দাবীৰ আন এটা গোচৰ। নাজিৰা আদৰ্শ আৰক্ষী থানাত ৰুজু হোৱা ১৫৭ / ২০২০ নম্বৰৰ গোচৰটোত দীৰ্ঘদিন ধৰি আৰক্ষীয়ে ফাৰহান লস্কৰক বিচাৰি আছিল। বুধবাৰে নিশা ৰাইকে ফাৰহান লস্কৰক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়াৰ লগতে ফাৰহান লস্কৰৰ বিৰুদ্ধে দাখিল কৰিছে আন এখন এজাহাৰ৷