মীৰ জিয়াউৰ ৰহমান

গোসাঁইগাঁও

১৮ নৱেম্বৰ

এইবাৰ বিটিচিত বিজেপিয়ে এটা সমষ্টিও জিকিব নোৱাৰে। বিজেপিয়ে বিটিচিত সাম্প্ৰদায়িকতাৰ বীজ সিঁচি আছে। মই যদি মেকুৰী হয়, তেনেহলে হিমন্ত বিশ্ব শৰ্মা এটা বান্ধৰ। বান্ধৰৰ লেখীয়া হিমন্ত বিশ্ব শৰ্মা এটা দলৰ পৰা আনটো দললৈ বাগৰি থাকে। হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনৰ পিছত লাফিকুল ইছলামৰ হত্যাকাৰীক আটক কৰিব বুলি কৈছে। এতিয়া তেওঁলোকৰ চৰকাৰ নাই নেকি? আচলতে এইবোৰ নিৰ্বাচনী ভেঁকুভাওনাহে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ উভতি ধৰিলে হাগ্ৰামা মহিলৰীয়ে।

হাগ্ৰামা মহিলাৰীয়ে বিজেপি আৰু বিপিএফৰ মিত্ৰতা সন্দৰ্ভত কয় যে দিছপুৰত বিজেপিৰ সৈতে আমাৰ মিত্ৰতা আছে কিন্তু বিটিচিত আমাৰ কাৰো লগত মিত্ৰতা হোৱা নাই। বিটিচিত আমি অকলে চৰকাৰ গঠন কৰিম। গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত কাছিয়াবাৰীৰ আৰনাই পথাৰত বিপিএফৰ জমদুৱাৰ ব্লক সমিতিৰ উদ্যোগত জমদুৱাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰেওৰেওৱা নাৰ্জিহাৰীৰ হৈ এক বিশাল গণসভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত কিছদিন ধৰি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিপিএফ দল আৰু হাগ্ৰামা মহিলাৰীক আক্ৰমণ কৰি প্ৰদান কৰি অহা মন্তব্য সমূহৰ প্ৰত্যুত্তৰত কয় যে এইবাৰ বিটিচিত বিজেপিয়ে এটা সমষ্টিও জিকিব নোৱাৰে। বিজেলি দলে বিটিচিত সাম্প্ৰদায়িকতাৰ বীজ সিঁচি আছে। হাগ্ৰামা মহিলৰীয়ে লগতে কয় যে মই যদি মেকুৰী হয়, তেনেহলে হিমন্ত বিশ্ব শৰ্মা এটা বান্ধৰ। হিমন্ত বিশ্ব শৰ্মা বান্ধৰৰ লেখীয়া এটা দলৰ পৰা আনটো দললৈ বাগৰি থাকে। লাফিকুল ইছলাম হত্যা প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনৰ পিছত লাফিকুল ইছলামৰ হত্যাকাৰীক আটক কৰিব বুলি কৈছে। এতিয়া তেওঁলোকৰ চৰকাৰ নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে এইবোৰ নিৰ্বাচনী ভেঁকুভাওনাহে।

গোসাঁইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বিশাল গণ সমাৱেশত উপস্থিত থাকি বিপিএফৰ কেন্দ্ৰীয় সম্পাদিকা অঞ্জলি দৈমাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই বিটিচিৰ উন্নয়নৰ খবৰ ক’ত জানিব, পোন্ধৰ বছৰ আগত বিটিচি ক’ত আছিল, আজি ক’ত আছে, ভাবি চাইছে নে? অঞ্জলি দৈমাৰী লয়ে হিমন্তক কটাক্ষ কৰি কয় যে আপোনাৰ বিজেপি চৰকাৰে ইঞ্জিন লগাই দিল্লীৰ ৰে’ল চলাই আছে, আন এটা ইঞ্জিন লগাই দিছপুৰৰ ৰেল চলায়, আকৌ ১৮০ কিমি স্পিডত বিটিচিত ৰে’ল চলাব বিচাৰিছে, কাৰ্বি আংলং, কাছাৰত কিমান স্পিডত ৰে’ল চলাই আছে, সেইয়া সকলোৱে গম পায়! সেয়েহে বিটিচিৰ ৰাইজে আপোনাক ৰে’ল চলাব নিদিয়ে। সভাত পোন্ধৰ সহস্ৰাধিক লোকৰ জন সমাগমেৰে বিপিএফ দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।