বিলাসীপাৰা, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰী: কোচ ৰাজবংশী কালৰ্ছাৰেল চচাইটিৰ উদ্যোগত ধুবুৰী জিলাৰ বিলাসীপাৰা ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত শনিবাৰৰ পৰা বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১০তম জন্মজয়ন্তী দিৱস উপলক্ষে দুদিনীয়া কাৰ্য্যসূচী ৰূপায়ণ কৰে। জন্মজয়ন্তী দিৱস কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ডি আই জ্যোৎস্না সৰকাৰ। আনহাতে খেল প্ৰতিযোগিতা উদ্বোধন কৰে, ডি এচ এ ক্লাৱৰ সম্পাদক অলকেশ ৰঞ্জন দাসে।

জন্মজয়ন্তী দিৱস প্ৰথম দিনাৰ বিভিন্ন কাৰ্যসূচী সমূহৰ ভিতৰত অন্যতম চিত্ৰাংকন প্ৰতিযোগিতাত বিলাসীপাৰা মহকুমাৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা কৰে বিশিষ্ট চিত্রশিল্পী প্ৰনৱ দাস। চিত্রশিল্পী প্ৰনৱ দাসৰ সহযোগী হিচাপে উপস্থিত থাকে অনুপ শৰ্মা আৰু ৰাজীৱ শৰ্মা। কাৰ্যসূচীত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে, ভাৰতীয় জনতা পাৰ্টিৰ বিলাসীপাৰা পূৱ জিলা সমিতিৰ প্ৰাক্তন সভাপতি সুধীৰ চন্দ্ৰ ৰায়ৰ লগতে বিলাসিপাৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি।