বাক্সা

১৬ নৱেম্বৰ

বিপিএফ ত্যাগ কৰি বিজেপিলৈ যোৱাৰ প্ৰস্তুতি বিপিএফ দলৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিধায়ক ইমানুৱেল মুছাহাৰীৰ। বিপিএফ দলৰ এই দুই নেতাৰ বিৰুদ্ধে সৰৱ তামুলপুৰ বিপিএফ কর্মী। বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক বিজেপি আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দালাল আখ্যা। ভৱিষ্যতে এই দুই নেতাক বিটিচিত প্ৰৱেশ নকৰিবলৈ সকীয়ানি তামুলপুৰ বিপিএফ কৰ্মীৰ।

বড়ো ভূমিত ১৭ বছৰে শাসনৰ গাদী দখল কৰি থকা হাগ্ৰাম মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলৰ বিগত কিছুদিন ধৰি বেয়া সময় চলি আছে। বড়ো ভূমিত ১৭ বছৰ শাসনত থকাৰ পিছত বিপিএফ দল এইবাৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে প্ৰমোদ বড়োৰ ইউপিপিএল দলৰ দ্বাৰা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। বিপিএফ দল এক কঠিন পৰিস্থিতিৰ মাজেৰে গৈ থকা অৱস্থাতে বিপিএফৰ লগ এৰিছে বিশ্বজিৎ দৈমাৰীয়ে। কিছুদিন পুর্বে বিপিএফ ত্যাগ কৰি বিজেপি মুখী হ’বলৈ প্ৰস্তুত হোৱা বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিপিএফ কর্মী।

বাক্সা জিলাৰ তামুলপুৰত বিপিএফ কৰ্মী সকলে সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিধায়ক ইমানুৱেল মুছাহাৰীৰ প্ৰতিকৃতি দাহ কৰে৷ গয়বাৰী ব্লক বিপিএফৰ উদ্যোগত বিপিএফ নেতা দুজনৰ প্ৰতিকৃতি কৰি প্ৰতিবাদকাৰী বিপিএফ কর্মী সকলে বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মুছাহাৰীৰ মূৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব মুৰ্দাবাদ, হাগ্ৰামা মহিলাৰী জিন্দাবাদ, বিপিএফ জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে তামুলপুৰ৷ বিপিএফ কৰ্মী সকলে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক প্ৰতাৰক আখ্যা দিয়ে। বিপিএফৰ দুয়োগৰাকী নেতাই দলটোক দমন কৰি থকাৰ ফলত দলৰ তৃনমূল কৰ্মী সকলক কাম কৰিব নিদিয়াৰ অভিযোগ উত্থাপন কৰে গয়বাৰী ব্লক বিপিএফৰ কৰ্মী সকলে৷

বিপিএফ দলত থাকিয়েই বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক সাংসদ আৰু বিধায়ক হৈ এতিয়া বিপিএফ দলক প্ৰতাৰণা কৰিছে দুয়োজন নেতাই বুলিও বিপিএফ কর্মী সকলে ক্ষোভ উজাৰে। বিপিএফৰ প্ৰতিবাদকাৰী কর্মী সকলে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক বিজেপিৰ দালাল আখ্যা দিয়ে৷ বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক ভবিষ্যতে বিটিচিত প্ৰৱেশ নকৰিবলৈও সকিয়নী প্ৰদান কৰে গয়বাৰী ব্লক বিপিএফৰ কৰ্মী সকলে।