গুৱাহাটী
১৬ নৱেম্বৰ

সাংবাদিক মিলন মহন্তক গণ আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই। ডাইনীকাণ্ড আৰু অন্ধ বিশ্বাস ৰোধৰ বাবে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত আইন প্ৰণয়ন কৰিবলৈ সক্ষম হোৱা সমাজ কর্মী গৰাকীয়ে শেহতীয়াকৈ আৰম্ভ কৰিছে গণ আক্ৰমণ ৰোধৰ বাবে কঠোৰ আইনৰ যুঁজ। ইয়াৰ মাজতে এগৰাকী সাংবাদিক গণ আক্ৰমণৰ বলি হোৱা ঘটনাক তীব্ৰ সমালোচনা কৰিছে মানৱ অধিকাৰ তথা সমাজ কৰ্মী গৰাকীয়ে।

মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, যি সময়ত আমি গণ আক্ৰমণ ৰোধৰ হেতু এক কঠোৰ আইন প্ৰণয়নৰ যুঁজ চলাই আছো তেনে সময়তে এগৰাকী সাংবাদিক গণ আক্ৰমণৰ বলি হোৱাটো অতিকৈ চিন্তাজনক ঘটনা। সাংবাদিক মিলন মহন্তক বিদ্যুৎৰ খুটাত বান্ধি গণ প্ৰহাৰ কৰা ঘটনাটো অতিকৈ গৰিহণাযোগ্য ঘটনা। কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ প্ৰতিদিন টাইমৰ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ এগৰাকী সাংবাদিক গণ আক্ৰমণৰ বলি হোৱা ঘটনাটোক সহজভাৱে ল’ব নোৱাৰি বুলিও মত প্ৰকাশ কৰে মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই। অসম আৰক্ষী তথা প্ৰশাসনে সাংবাদিক মিলন মহন্তৰ গণ আক্ৰমণৰ ঘটনাৰ তদন্ত অতি ক্ষিপ্ৰতাৰে আগুৱাই নি ঘটনাৰ লগত জড়িত ব্যক্তি সকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই। শইকীয়াই লগতে কয় যে, সমগ্ৰ দেশৰ লগতে অসমতো সাধাৰণ এটা কথাক কেন্দ্ৰ কৰি যি দৰে গণ আক্ৰমণৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ পথ হৈছে গণ আক্ৰমণ বিৰোধী এক কঠোৰ আইন। এগৰাকী সাংবাদিকৰ ক্ষেত্ৰত যদি গণ আক্ৰমণৰ দৰে নিন্দনীয় ঘটনা সংঘটিত হ’ব পাৰে তেন্তে সাধাৰণ ৰাইজৰ ক্ষেত্ৰত ই কিমান ভয়াবহ ইয়াৰ অনুমান সহজে কৰিব পাৰি বুলিও চিন্তা প্ৰকাশ কৰে ড° দিব্যজ্যোতি শইকীয়াই। ৰাজ্যৰ প্ৰতিগৰাকী সাংবাদিক তথা সংবাদ কর্মীক আজি প্ৰেছ দিৱস উপলক্ষে প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড° দিব্যজ্যোতি শইকীয়াই।

উল্লেখ্য যে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতেই দক্ষিণ কামৰূপত জুৱাৰীৰ বিৰুদ্ধে বাতৰি কৰাৰ বাবে ভু-মাফিয়া তথা জুৱাৰীৰ দলৰ গণ আক্ৰমণৰ বলি হৈছল সাংবাদিক মিলন মহন্ত। পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তিনিআলীত জুৱাৰীৰ দলে মিলন মহন্তক লাইটৰ পোষ্টত বান্ধি নিৰ্মমভাৱে গণপ্ৰহাৰ কৰিছিল। বৰিহাট নিবাসী তথা গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতৰ মিৰ্জা আৰু বৰিহাটৰ সংবাদকৰ্মী মিলন মহন্তক তিনিআলীত বজাৰ কৰি থকা অৱস্থাত দেওবাৰে দুপৰীয়া সঞ্জয় ঠাকুৰীয়া নামৰ ভু-মাফিয়া তথা জুৱাৰীগৰাকীৰ নেতৃত্বত একাংশ লোকে খেদি আহি অতৰ্কিতে গণ প্ৰহাৰ কৰিছিল।