নৱজ্যোতি বৰুৱা

চামগুৰি

২৩ জানুৱাৰী

নগাঁও জিলাৰ তেলীয়াগাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। পথ দুৰ্ঘটনাত আহত হয় কুৰি জনতকৈও অধিক তীৰ্থযাত্ৰী। নিশা কয়লা ভৰ্তি ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয় তীৰ্থযাত্ৰীৰ বাছ। স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত তীৰ্থযাত্ৰী সকলক উদ্ধাৰ কৰি চিকিৎসলায়লৈ প্ৰেৰণ কৰে।

শুকুৰবাৰে নিশা নগাঁও জিলাৰ পুৰণিগুদামৰ তেলীয়াগাঁৱত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুর্ঘটনাত কুৰি জনতকৈও অধিক তীৰ্থযাত্ৰী আহত হয়। শিৱসাগৰৰ পৰা কামৰূপ জিলাৰ মিৰ্জা অভিমুখে তীৰ্থযাত্ৰীলৈ আহি থকা এএছ-০১-জি চি-৩৯৪৯ নম্বৰৰ বাছখনৰ লগত মুখামুখি সংঘৰ্ষ হয় এএছ-০১-জিচি-৫৮৭৩ নম্বৰৰ কয়লা ভৰ্তি ট্ৰাক এখনৰ। এই ভয়ংকৰ পথ দুৰ্ঘটনাত বাছখনত থকা কুৰি জনতকৈও অধিক তীৰ্থযাত্ৰী আহত হয়। দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে তৎপৰতা দেখুৱাই আঘাতপ্ৰাপ্ত তীৰ্থযাত্ৰী সকলৰ উদ্ধাৰ অভিযানত নামি পৰে। ৰাইজে বছখনৰ ভিতৰৰ পৰা আঘাতপ্ৰাপ্ত তীৰ্থযাত্ৰী সকলক উদ্ধাৰ কৰি চিকিৎসলায়লৈ প্ৰেৰণ কৰে।

ইফালে পথ দুৰ্ঘটনাৰ পিছতে নিশাৰ ভাগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কেইবা ঘণ্টা ধৰি তীব্ৰ যানযতৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো দিশে আৱদ্ধ হৈ পৰে সহস্ৰাধিক যানবাহান। দুর্ঘটনাৰ খবৰ পাই চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।