গুৱাহাটী

৪ আগষ্ট

স্মাৰ্ট চিটি আঁচনিৰ অধীনত গুৱাহাটী মহানগৰীত ৰূপায়িত হ’বলগীয়া “চিষ্টেম ইন্টিগ্ৰেটৰ ফৰ ইমপ্লিমেনটেচন অফ ইন্টিগ্ৰেটেড কমাণ্ড এণ্ড কনট্ৰল চেণ্টাৰ” চমুকৈ এইটিএমএছ আৰু ‘চিটি চাৰ্ভিলেন্স চিষ্টেম”ৰ বাবে ই-টেণ্ডাৰ যোগে বিচৰা নিবিদাৰ প্ৰ-পত্ৰ ও বিবৰণীত বিভিন্ন ক্ৰটি আৰু আসোঁৱাহ সন্নিবিষ্ট হোৱাৰ তথ্য পোহৰলৈ অহাত উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে এজন সচেতন যুৱক। 

চৈয়দ আব্দুল্লাহ আল আমান নামৰ সচেতন যুৱক জনে জনস্বাৰ্থ জৰিত আবেদন নং ৪২/২০২০ যোগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। জনস্বাৰ্থ জৰিত আবেদনৰ জৰিয়তে আবেদনকাৰী যুৱক জনে উক্ত নিবিদাত সন্নিবিষ্ট জনস্বাৰ্থ বিঘিন্ন হ’ব পৰা কিছুমান দিশ যেনে বানপানী সমস্যা আৰু ভূমিৰ গুণগত মানদণ্ড পৰ্যালোচনা নোহোৱা আদিৰ বিষয়ে বিশদ বিৱৰণ ও ইয়াৰ ফলত সৃষ্টি হ’ব পৰা ক্ষতি সম্পৰ্কে বিজ্ঞান সন্মত বিশ্লেষণ দাঙি ধৰিছে তথা জনস্বাৰ্থ শুনিচ্চিত কৰাৰ উদ্দেশ্যে  উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ কামনা কৰিছে। ইয়াৰ ওপৰিও খৰতকীয়াকৈ ই-টেণ্ডাৰ যোগে নিবিদা আহ্বান কৰাৰ অন্তৰালত কোনো বিশেষ ঠিকাদাৰক লাভাম্বিত কৰাৰ মানসিকতাই যে ক্ৰিয়া কৰিছে।

উল্লেখ্য যে ৪০০ কোটি টকাৰ বৃহৎ পৰিমাণৰ পুঁজি আবন্টন পোৱাৰ পিছতো কাৰ্য ৰূপায়ণৰ গতি অধিক মন্থৰ হোৱাৰ বাবে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্প কৰ্তৃপক্ষক গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ্য প্ৰণালী সংশোধন ও উন্নীতকৰণৰ বাবে পূৰ্বতেও নিৰ্দেশনা জাৰি কৰিছিল বুলিও জানিবলৈ দিয়ে আবেদনকাৰী যুৱক জনে। আবেদনকাৰী যুৱক জনে আশা প্ৰকাশ কৰিছে যে, ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে আবেদনখন অতি জৰুৰী বিবেচনা কৰি ন্যায়ালয়ৰ পঞ্জীয়কক শীঘ্ৰে শুনানিৰ দিন ধাৰ্য কৰিবলৈ নিৰ্দেশ দিব।