গুৱাহাটী, সংবাদ ৩৬৫, ৮ মে’ : মহানগৰীৰ বিৰুৱাৰীস্থিত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ঠিকা ভিত্তিত কৰ্মৰত এগৰাকী চাফাই কৰ্মীৰ নাতিনিয়েক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী শিক্ষাৰ্থী কভিড-১৯ কৰুণা ভাইৰাছত আক্রান্ত হোৱাৰ পিছত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হয় বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হোষ্টেলত।

কভিড-১৯ কৰ’ণা ভাইৰাছৰ তাণ্ডৱ মাজতে গ্ৰীণ জ’নত থকা গুৱাহাটী মহানগৰীলৈ ভয়াবহ খবৰ কঢ়িয়াই আনে বৃহস্পতিবাৰৰ নিশাটো। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নিশা ৰাজ্যত নতুনকৈ ৮ গৰাকী লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে বুলি সদৰি কৰিছিল। উক্ত ৮ গৰাকী লোকৰ ভিতৰত ৪ গৰাকী লোক গুৱাহাটী মহানগৰীৰ। ইয়াৰে এগৰাকী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ঠিকা ভিত্তিত কৰ্মৰত এগৰাকী চাফাই কৰ্মীৰ নাতিনিয়েক। ইতিমধ্যে, যোৱা বুধবাৰে চাফাই কৰ্মী গৰাকীৰ নাতিনিয়েক ১৬ বছৰীয়া কিশোৰী গৰাকীৰ মৃত্যু হৈছে। যোৱা কিছুদিন ধৰি যুৱতী গৰাকী জ্বৰ, কাঁহত আক্রান্ত আছিল আৰু যোৱা বুধবাৰে কিশোৰী গৰাকীৰ মৃত্যু ঘটে। কিশোৰী গৰাকীৰ মৃত্যুৰ পিছত চিকিৎসকৰ দল এটা আহি যুৱতী গৰাকীৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাত কিশোৰী গৰাকী কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত আছিল বুলি জানিব পৰা যায়। ইতিমধ্যে মৃত কিশোৰী গৰাকীৰ আইতাক, মাতৃ আৰু পৰিয়ালৰ অন্য লোকক কোৱাৰান্টাইন কৰা হৈছে। ইফালে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান অহা ১০ মে’ পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

আনহাতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হোষ্টেলত উপস্থিত হৈও পৰিস্থিতিৰ বুজ লয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ১ আৰু ৫ নং হোষ্টেল কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেইবাগৰাকী চিকিৎসককো কোৱাৰান্টাইন কৰা হ’ব বুলি জানিব পৰা গৈছে।