গুৱাহাটী, সংবাদ ৩৬৫, ৭ মে’ : ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৩ লৈ বৃদ্ধি পালে। বৃহস্পতিবাৰে নিশা ৰাজ্যত ৮ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উঅস্থিতি। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগ সদৰি কৰিলে ৮ জনকৈ লোক কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ কথা।

ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে। দেশৰ অন্যান্য কিছুমান ৰাজ্যৰ লগতে অসমতো দিনক দিনে বৃদ্ধি পাইছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা। বৃহস্পতিবাৰে ৰাজ্যত পুনৰ ৮ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। বুধবাৰে কাছাৰ জিলাত কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকজনৰ লগতে একেনখন বাছত ৰাজস্থানৰ পৰা যাত্ৰা কৰা ৪ জনকৈ লোক মাৰাত্মক কৰ’ণা ভাইৰাছ আক্রান্ত হোৱাৰ বিপৰীতে মহানগৰী গুৱাহাটীত আক্রান্ত হৈছে ৪ জন লোক। গুৱাহাটীত আক্রান্ত ৪ জনৰ ভিতৰত ১ জন লোক বাহিৰৰ পৰা আহিছিল। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুসময় পুর্বে নিজৰ টুইট যোগে সদৰি কৰিছে ৰাজ্যত নতুনকৈ ৮ জনকৈ লোক কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি। ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ লোকৰ সংখ্যা ৫৩ লৈ বৃদ্ধি পাইছে যদিও আক্ৰান্ত লোক সকলৰ ভিতৰত ৩৪ জন সুস্থ হৈ উঠাৰ বিপৰীতে মৃত্যু হৈছে এজন লোকৰ।

উল্লেখ্য যে, মঙলবাৰে ৰাজ্যৰ গোৱালপাৰা জিলাৰ কন্টেইনমেন্ট জ’নত থকাৰ এজন লোক আৰু কোকৰাঝাৰ জিলাৰ পৰা পশ্চিম বংগৰ কোচবেহাৰ ভ্ৰমণ কৰি অহা অন্য এজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছিল। ২৮ এপ্ৰিলতো বঙাইগাঁও জিলাত ১৬ বছৰীয়া কিশোৰী এগৰাকীৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছিল। ইয়াৰ পিছতে জিলাখনত পুনৰ ৩০ এপ্ৰিলত ৪ গৰাকীকৈ লোকে শৰীৰত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছিল।