গুৱাহাটী, সংবাদ ৩৬৫, ৮ মে’ : ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পালে। বৃহস্পতিবাৰে নিশা ৰাজ্যত ৮ জনকৈ লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উঅস্থিতি ধৰা পৰাৰ পিছত শুকুৰবাৰে দুপৰীয়াৰ ভাগত নতুনকৈ ৩ জন লোকৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগ সদৰি কৰিলে ৩ জনকৈ লোক কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ কথা।

দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো দিনক দিনে ভয়াবহ ভাবে বৃদ্ধি পাইছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা। বৃহস্পতিবাৰে ৰাজ্যত ৮ জনকৈ লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছত শুকুৰবাৰে নতুনকৈ ৩ জন লোক আক্রান্ত হৈছে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা। নতুনকৈ আক্রান্ত হোৱা লোক সকল কাছাৰ জিলাত কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোক সকলৰ লগত একেনখন বাছত ৰাজস্থানৰ পৰা যাত্ৰা কৰিছিল। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে ৰাজস্থানৰ পৰা বাছৰে অহা ৩ জন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি সদৰি কৰিছে। উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা ৮ জন লোকৰ ভিতৰত ৪ জন লোক কাছৰ জিলাৰ আৰু ৪ জন লোক গুৱাহাটী মহানগৰীৰ।গুৱাহাটীত আক্রান্ত ৪ জনৰ ভিতৰত ১ জন লোক বাহিৰৰ পৰা আহিছিল। ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে যদিও আক্ৰান্ত লোক সকলৰ ভিতৰত ৩৪ জন সুস্থ হৈ উঠাৰ বিপৰীতে মৃত্যু হৈছে এজন লোকৰ।

মহানগৰী গুৱাহাটীত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা ৪ জন লোকৰ ভিতৰত এগৰাকী ১৬ বছৰীয়া যুৱতীৰ মৃত্যুৰ পিছতে যুৱতী গৰাকী কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত আছিল বুলি জানিব পৰা গৈছে। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ঠিকা ভিত্তিত কৰ্মৰত এগৰাকী চাফাই কৰ্মীৰ নাতিনিয়েক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হৈছিল।