গুৱাহাটী, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ : বৰঝাৰ বিমানবন্দৰত বুধবাৰে সন্ধিয়া জব্দ ২৫.৭৫ লাখ টকাৰ সোণ। দিল্লীলৈ বিমানৰ জৰিয়তে সোণখিনি নিব লওঁতেই চি আই এছ এফে জব্দ কৰে ।

আজমল আলি নামৰ যুৱকজনৰ পৰা জব্দ কৰে সোণখিনি। সন্ধিয়া ৬বজাত গ’ এয়াৰ জি৮-২৫৭ নম্বৰৰ বিমানখনত যোৱাৰ কথা আছিল যুৱকজন। বিমানখন উৰা মৰাৰ আগত চি আই এছ এফে কৰা তালাচীত ধৰা পৰে যুৱকজন।

মলাশয়ৰ ভিতৰত যুৱকজনে লৈ আনিছিল ৬৬৪ গ্ৰাম সোণ।

পাছত সোণসহ যুৱকজনক চি আই এছ এফে শুল্ক বিভাগক গতাই দিয়ে।