নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ : বুধবাৰে নিশা হোজাই চহৰত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। গুলী চালনাত নিহত হয় এজন যুৱক।

ৰহস্যজনক এই গুলী চালনাত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে গোলাঘাটীয়া বস্তিৰ প্ৰসেনজিৎ দেৱনাথ নামৰ এজন যুৱকক।

কপালত গুলী লগাৰ ফলত থিতাতে নিহত হয় যুৱকজন। ঘটনাস্থলীত উদ্ধাৰ কৰা হয় পিষ্টলৰ এটা খালি কাৰ্টিজ ।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । ইতিমধ্যে এই ঘটনাৰ লগত জড়িত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যুৱকদুজন ক্ৰমে গৌতম সেন আৰু ৰাজকুমাৰ কুমহাৰ ।

গুলীচালনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।