নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ : অৱসৰলৈ আৰু ৩ দিন বাকী থকা অৱস্থাত ৰাফেল গোচৰৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন বিচাৰ পীঠে।

উল্লেখযোগ্য যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিনহা আৰু অৰুণ শ্বোৰী ৰাফেল যুদ্ধ বিমান ক্ৰয় ক্ষেত্ৰত অনিয়ম হোৱা বুলি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ।

ৰাফেলৰ গোচৰ সন্দৰ্ভত ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি উক্ত বিষয়টোৰ সন্দৰ্ভত আৰু কোনোধৰণৰ তদন্তৰ প্ৰয়োজন নাই বুলি কয় । উল্লেখ্য যে ন্যায়ালয়ে বিতৰ্কক লৈ দাখিল হোৱা সকলো পুনৰীক্ষণ আবেদন খাৰিজ কৰিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন এই বিচাৰপীঠত থাকে ন্যায়াধীশ কে এন যোছেফ, ন্যায়াধীশ এছ কে কৌল ।