দৰং, সংবাদ ৩৬৫, ২০ মেঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশবৃক্ষত নাম অন্তৰ্ভুক্তৰ কৰাৰ বাবে ধন লৈ দৰং জিলাৰ মঙলদৈত এগৰাকী পঞ্চায়ত সচিব গ্ৰেপ্তাৰ হোৱা ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে দৰং জিলাৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ত থকা এনআৰচি কেন্দ্ৰৰ বিষয়া তথা পুথিমাৰী গাঁও পঞ্চায়তৰ সচিব আব্দুল মালেকে ধূলা আৰক্ষী চকীৰ অন্তৰ্গত ধনশ্ৰীকাষৰ নৌচাদ আলী নামৰ এজন লোকৰ পৰা এনআৰচিৰ বংশবৃক্ষত নাম অন্তৰভুক্ত কৰি দিয়াৰ নামত চাৰি হাজাৰ টকা দাবী কৰিছিল। নৌচাদ আলীয়ে এই ধন দাবীৰ ঘটনা মঙলদৈ আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে এনআৰচি সেৱা কেন্দ্ৰটোত উপস্থিত হৈ আব্দুল মালেকে নৌচাদ আলীৰ পৰা ধন লৈ থকা সময়তে দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে আব্দুল মালেকক ধনসহ গ্ৰেপ্তাৰ কৰে। ঘটনাৰ সংক্ৰান্তত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশীয়ে কয় যে এক দুষ্ট চক্ৰই এনআৰচিত নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ দৰং জিলা সমিতিৰ সচিব প্ৰধান উপেন ডেকা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ দৰং জিলা সমিতিয়ে দৰং আৰক্ষীক ঘটনাটো গুৰুত্ব সহকাৰে লবলৈ আহবান জনাইছে।