বৰপেটা

১২ অক্টোবৰ

অসম দৰ্পণ আচনিৰ অধীনত বৰপেটা সত্ৰ সংযোগী পথ নিৰ্মাণৰ ক্ষেত্ৰত বৰপেটাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ৷ লোক নিৰ্মাণৰ বিভাগৰ পবিত্ৰ বৰপেটা সত্ৰ সংযোগী পথটো নিৰ্মাণৰ নামত ঠিকাদাৰ আৰু কাৰ্যবাহী অভিযন্তাই বেপাৰ চলাই থকাৰ অভিযোগ।

অসম দৰ্পণ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ১ কোটি ১০ লাখ টকা ব্যয়েৰে বৰপেটা বিদ্যাপীঠৰ পৰা বৰপেটা সত্ৰলৈ যোৱা পথটোৰ ১৬.৩০ মিটাৰ অংশ নিৰ্মাণৰ আঁচনি গ্ৰহন কৰিছিল৷ বৰপেটাৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ভাৰত দাস আৰু ঠিকাদাৰ দেৱাদিৱ দাসে সত্ৰলৈ যোৱা পথটো আঁচনিমতে বহলিকৰণ নকৰি অতি নিম্নমানেৰে আৰম্ভ কৰিছে পথ নিৰ্মাণৰ কাম৷ আনকি ৰোলাৰ ব্যৱহাৰৰ সলনি বনুৱাই লোৰ ঢুম মাৰি ১ কোটি টকীয়া পথ নিৰ্মাণৰ কাম চলাই আছে ঠিকাদাৰ আৰু ঠিকাদাৰৰ আজ্ঞাবাহী কাৰ্যৱাহী অভিযন্তা ভাৰত দাসে৷ ইপিনে আঁচনি অনুসৰি পথটোৰ একাংশত ১ মিটাৰ আৰু আন অংশত ২ মিটাৰ পথ বহল কৰিব লাগে কিন্তু পথৰ কাষত থকা পৰিয়ালসমুহে পথৰ কাষৰ মাটি এৰি নিদিয়াৰ অজুহাত দেখুৱাই ঠিকাদাৰ আৰু অভিযন্তাই পথটো বহল কৰাৰ ক্ষেত্ৰতো গ্ৰহণ নকৰিলে কোনো ধৰণৰ ব্যৱস্থা৷ ইফালে পথৰ কাষত থকা একাংশ পৰিয়ালে কাৰ্যবাহী অভিযন্তা আৰু জিলা প্ৰশাসনৰ সন্মুখতে বিভাগটোৰ মিথ্যাচাৰ উদঙাই কয় যে পথ নিৰ্মাণৰ নামত মাটি এৰি দিবলৈ বিভাগীয়ভাৱে তেওঁলোকক কোনো ধৰণৰ কথাই জনোৱা হোৱা নাই। ইপিনে কাৰ্যবাহী অভিযন্তা ভাৰত দাসে কয় যে ৰাইজৰ সহযোগ পাবৰ বাবেই আৰু নিম্নমানৰ কাম দেখি ৰাইজে যাতে প্ৰতিবাদ জনায় তাৰবাবেই হেনো ৰোলাৰৰ সলনি বনুৱাৰ জৰিয়তে লোৰ ঢুম মাৰি আৰু পথতো বহল নকৰি কাম চলাই আছে বিভাগটোৱে৷ বৰপেটাৰ একাংশ সংগঠনে পথটো নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ বিৰুদ্ধে লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিযোগ দিয়াৰ পিচতেই কাৰ্যৱাহী অভিযন্তা ভাৰত দাস, অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠককে ধৰি সকলো ওলাই আহে পথটো নিৰ্মাণৰ কামৰ বুজ ল’বলৈ৷

এই পথেৰেই যিহেতু দেশ-বিদেশৰ ভক্ত, দৰ্শনাৰ্থী আৰু পৰ্যটকসকল বৰপেটা সত্ৰলৈ অহা যোৱা কৰে, সেয়ে আঁচনিমতেই সুন্দৰকৈ পথটো নিৰ্মাণ কৰাৰ দাবী জনায় ৰাইজে৷ আনহাতে ঠিকাদাৰৰ মহৰিগিৰি কৰাৰ সলনি নিজৰ পদমৰ্যাদা বজাই ৰাখিবলৈ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ভাৰত দাসক আহ্বান জনাইছে ৰাইজে৷