নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩ জানুৱাৰী : সমগ্ৰ দেশত অব্যাহত আছে “কা”বিৰোধী প্ৰতিবাদ। প্ৰতিদিনেই অব্যাহত আছে এই সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ । এনে প্ৰতিবাদৰ সময়তে এক বিস্ফোৰক মন্তব্য কৰে বাংলাদেশীৰ বিজিবিৰ সঞ্চালক চাফিনুল ইছলামে।

এন আৰ চিৰ ভয়তে ভাৰতত বাস কৰি থকা বাংলাদেশী উপস্থিত হলগৈ বাংলাদেশত। ২০১৯ বর্ষৰ শেষৰ ভাগলৈ অৰ্থাৎ নৱেম্বৰ-ডিচেম্বৰ মাহত ভাৰত এৰি বাংলাদেশত উপস্থিত ৪৪৫ জন বাংলাদেশী। এই তথ্য প্ৰকাশ কৰে বিজিবিৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেলে প্ৰকাশ কৰে এই তথ্য।

ঢাকাত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই তথ্য প্ৰকাশ কৰে বিজিবিৰ সঞ্চালক চাফিনুল ইছলামে।