ফজলুৰ ৰহমান

সোণতলী

১৭ জানুৱাৰী

সোণতলী – ভূমি বেদখলকাৰীৰ আক্ৰমণত আহত হ’ল এগৰাকী শিক্ষক। দক্ষিণ কামৰূপৰ সোণতলীত সংঘটিত হৈছে এই ঘটনা। ছয় জনীয়া দুৰ্বৃত্তৰ দলে ফটিক আলী নামৰ এগৰাকী শিক্ষকৰ ভূমি বেদখল কৰিবলৈ আহি আক্ৰমণ কৰিলে শিক্ষক গৰাকীক। আক্ৰমণকাৰী দলটোত আছিল এগৰাকী মহিলা।

দক্ষিণ কামৰূপৰ সোণতলীৰ অন্তৰ্গত কিচমত কাঠমী গাঁৱত ফটিক আলী নামৰ এগৰাকী প্ৰধান শিক্ষক ম্যাদী ভূমি বেদখল কৰিবলৈ আহি ছয় জনীয়া দুৰ্বৃত্তৰ দলে প্ৰধান শিক্ষক গৰাকীক আক্ৰমণ কৰে। দেওবাৰে পুৱাৰ ভাগত ছয় জনীয়া দুৰ্বৃত্তৰ এটা দলে পুৰাণগাঁও এম ই স্কুলৰ প্ৰধান শিক্ষক ফটিক আলী ম্যাদী ভূমি বেদখল কৰিবলৈ অহাত প্ৰধান শিক্ষক গৰাকীয়ে দুৰ্বৃত্তৰ দলটোক বাধা প্ৰদান কৰাত দলটোৱে প্ৰধান শিক্ষক গৰাকীক বেয়াকৈ মাৰধৰ কৰে। দুৰ্বৃত্তৰ দলটোৱে প্ৰধান শিক্ষক গৰাকীক মাৰধৰ কৰি থকা অৱস্থাত অন্য এজন লোকে দুৰ্বৃত্তৰ দলটোক বাধা প্ৰদান কৰাত দুৰ্বৃত্তৰ দলটোৱে বাধা প্ৰদান কৰা লোকজনকো আক্ৰমণ কৰে। প্ৰধান শিক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে আক্ৰমণকাৰী দলটোত মজবৰ হাজী, নজিৰুল হক, আজমল হক, হান্নান আলী, জামিৰুল হকৰ লগতে ফিৰোজা খাতুন নামৰ এগৰাকী মহিলাও আছিল।

আক্ৰমণৰ বলি হোৱা প্ৰধান শিক্ষক গৰাকীয়ে দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে৷ দুৰ্বৃত্তৰ দলটোৱে প্ৰধান শিক্ষক গৰাকীক আক্ৰমণ চলাই শিক্ষক গৰাকীৰ পৰা পঞ্চাশ হাজাৰ টকাৰ লগতে পান কাৰ্ড, ভোটাৰ কাৰ্ডসহ বহু নথি-পত্ৰ কাঢ়ি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষক গৰাকীয়ে।