জোনমনি বেগম

বিশ্বনাথ

১৭ জানুৱাৰী

বিশ্বনাথৰ জিনজিয়াত সমাজসেৱক জয়ন্ত বৰা অনুৰাগী মঞ্চই উদযাপন কৰিলে শিল্পী দিৱস। শিল্পী দিৱস উপলক্ষে উলিওৱা হয় এক সাংস্কৃতিক সমদল।

সমগ্ৰ ৰাজ্যৰ লগতে দেওবাৰে বিশ্বনাথ জিলাৰ বিহালতো উদযাপন কৰা হয় শিল্পী দিৱস।বিহালীৰ জিনজিয়াৰ হৰি মন্দিৰ বাকৰিত উদযাপন কৰা হয় শিল্পী দিৱস। হৰি মন্দিৰ বাকৰিত শিল্পী দিৱস আয়োজন কৰে জয়ন্ত বৰা অনুৰাগী মঞ্চই। শিল্পী দিবসৰ লগত সংগতি ৰাখি উলিওৱা হয় এক সাংস্কৃতিক সমদল। জিনজিয়াৰ হৰি মন্দিৰ বাকৰিৰ পৰা উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই সমদল কৰি জিনজিয়া চেন্টাৰৰ পৰা পুনৰ হৰি মন্দিৰ প্ৰাংগনত আহি উপস্থিত হয়। শিল্পী দিৱস উপলক্ষে এক মুকলি সভাও অনুষ্ঠিত কৰা হয়। মুকলি সভাত অংশগ্ৰহণ কৰে বিহালীৰ সমাজসেৱক জয়ন্ত বৰাৰ লগতে শিল্পী পেঞ্চনাৰ বিনোদ খনাল। সাংবাদিক পেঞ্চনাৰ নৰেন বৰাৰ আৰু বহু গন্যমান্য ব্যক্তি। মুকলি সভাৰ আৰম্ভণিত শিল্পী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়।

শিল্পী দিৱসৰ অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যোতি সংগীতৰ আধাৰত জ্যোতি নৃত্য প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত শিল্পী গৰাকীয়ে ৰচা গীত আৰু নৃত্য প্ৰদৰ্শন কৰাৰ লগতে শিল্পী গৰাকীৰ জীবনৰ উপৰত ব্যক্তব্য প্ৰদান কৰা হয়।