গুৱাহাটী, সংবাদ ৩৬৫, ১২ এপ্ৰিল : মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁওস্থিত ভূ-তত্ব ও খনি সঞ্চালকালয় বিভাগৰ কৰ্মচাৰী সকলৰ ফালৰ পৰা দুখীয়া শ্ৰেণীৰ ৰাইজক খাদ্য সামগ্ৰী বিতৰণ। ভূ-তত্ব ও খনি সঞ্চালকালয় বিভাগৰ কৰ্মচাৰী সকলে দৰমহাৰ ধনেৰে অৰ্ধ শতাধিক পৰিয়ালৰ মাজত বিৱৰণ কৰিলে খাদ্য সমগ্ৰীৰ লগতে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী।

কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা মানৱ জাতিক ৰক্ষা কৰিবলৈ বিশ্বৰ কেইবাখনো দেশ এতিয়া বাধ্য লকডাউনৰ নীতি অৱলম্বন কৰিবলৈ। ভাৰতবৰ্ষতো যোৱা ২৪ মাৰ্চৰ অব্যাহত আছে লকডাউন আৰু এই লকডাউন আগন্তক ৩০ এপ্ৰিল পৰ্যন্ত চলাৰ পূৰ্ণসম্ভাবনা আছে। মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে লকডাউনৰ নিচিনা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলত সমাজৰ প্ৰতিজন লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱাটো স্বাভাৱিক যদিও এচাম লোক এই লকডাউন সময়ত সৰ্বাধিক প্ৰভাৱিত হৈছে। ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোক সকল লকডাউনৰ পিছৰে পৰা কৰ্মহীন হৈ এবেলা এমুঠি খাদ্যৰ বাবে নিৰ্ভৰ কৰিব লগীয়া হৈছে আনৰ ওপৰত। সংকটৰ এই সময়ত এমুঠি খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল সমাজৰ এই চাম লোকৰ বাবে সহায়ৰ হাত আগুৱাই দিয়াত পিছ পৰি ৰোৱা নাই সমৰ্থবান ব্যক্তি সকল। বিভিন্ন জনে নিজৰ সমৰ্থ অনুযায়ী সহায় কৰি আছে দুখীয়া শ্ৰেণীৰ ৰাইজক। দেওবাৰে মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁওস্থিত ভূ-তত্ব ও খনি সঞ্চালকালয় বিভাগৰ কৰ্মচাৰী সকলেও সংকটৰ এই সময়ত ওলাই আহে সমাজৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ সহায়ৰ বাবে। ভূ-তত্ব ও খনি সঞ্চালকালয় বিভাগৰ কৰ্মচাৰী সকলে নিজৰ দৰমহাৰ ধনেৰে অঞ্চলটোৰ অৰ্ধশতাধিক দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰে খাদ্য সমগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।

ভূ-তত্ব ও খনি সঞ্চালকালয়ৰ সঞ্চালক ইক্ৰামূল হুছেইন, যুটীয়া সঞ্চালক নৰেন ডেকাৰ লগতে আঠ গৰাকী বিষয়া ক্ৰমে ৰতন তহবিলদাৰ, পংকজ নাথ, ৰবিন বৰা, মানবেন্দ্ৰ দাস, জিঙ্কু দাস, ফুলমাই দেউৰী, দিল মহম্মদ আলী আৰু দিলীপ দাসে নিজাৰ দৰমহাৰ ধনেৰে বিভিন্ন খাদ্য সামগ্ৰী ক্ৰয় কৰি অঞ্চলটোৰ দুকীয়া ৰাইজৰ মাজত বিতৰণ কৰে। বিভাগটোৰ যুটীয়া সঞ্চালক নৰেন ডেকাই এই সংকটৰ সময়ত সকলো লোককে সচেতনতা হ’বলৈ আহ্বান জনাই সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ জনায়।