গুৱাহাটী, সংবাদ ৩৬৫, ১৩ এপ্ৰিল: সোমবাৰৰ পৰা ৰাজ্যত খুলি দিয়া হ’ব সুৰাৰ বিপনীসমূহ।১৩ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পৰা অসমত সুৰাৰ বিপনীসমূহ খোলাৰ বাবে নিৰ্দেশ জাৰি কৰিছে আবকাৰী বিভাগে।প্ৰশাসনৰ সম্পূৰ্ণ নীতি নিয়ম আৰু সামাজিক দূৰত্ব ৰক্ষা কৰি পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সীমিত কৰ্মচাৰীৰ সৈতে সুৰাৰ দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে আবকাৰী বিভাগে।

সমগ্ৰ বিশ্বতে বৰ্তমান কৰ’ণা ভাইৰাছে এক সংহাৰী ৰূপ ধাৰণ কৰিছে। বিশ্বৰ বিভিন্ন দেশত লক্ষাধিক লোক কৰ’ণা ভাইৰাছৰ কবলত পৰি মৃত্যুমুখত পৰিছে।বৰ্তমান সময়লৈ কৰণা ভাইৰাছৰ প্ৰতিষেধক বিচাৰি বিশ্বৰ চিকিৎসকসকল ব্যস্ত হৈ থকা দেখা গৈছে যদিও সামাজিক দূৰত্ব বজাই ৰাখি এই মাৰাত্মক ভাইৰাছৰ পৰা ৰক্ষা পাব পাৰি। সেই উদ্দেশ্যে সমগ্ৰ বিশ্বৰ লগতে ভাৰতত ২১ দিনৰ লকডাউন ঘোষণা কৰা হৈছিল। ফাৰ্মাচি, খাদ্যৰ দোকান, অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ খুলি ৰখাৰ সময়তে বন্ধ কৰি দিয়া হৈছিল অন্যান্য সকলো দোকান পোহৰৰ লগতে সুৰাৰ বিপনীসমূহ। উল্লেখ্য যে মেঘালয়ত ১৩ এপ্ৰিলৰ পৰা সুৰাৰ বিপনীসমূহ খুলি দিয়াৰ নিৰ্দেশ প্ৰদান কৰাৰ পিছতে অসমতো ১৩ এপ্ৰিলৰ পৰা সুৰাৰ বিপনীসমূহ খোলাৰ নিৰ্দেশ দিয়ে ৰাজ্যৰ আবকাৰী বিভাগে। ১৩ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সম্পূৰ্ণ সামাজিক দূৰত্ব অক্ষুন্ন ৰখাৰ লগতে সীমিত কৰ্মচাৰীৰ সৈতে সুৰাৰ বিপনীসমূহ খোলাৰ নিৰ্দেশ দিয়ে ৰাজ্যৰ আবকাৰী বিভাগে। ইয়াৰ লগতে প্ৰশাসনে জাৰি কৰা সম্পূৰ্ণ নিয়মাৱলীসমূহ সুৰাৰ বিপনীসমূহে মানি চলিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে সুৰা ক্ৰয় কৰা লোকসকলকো সামাজিক দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আবকাৰী বিভাগৰ।

উল্লেখ্য যে, ভাৰতৰ কেইবাখনো ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। অসমত এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা ২৯ গৰাকীকৈ লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে এজন লোকৰ।