গুৱাহাটী, সংবাদ ৩৬৫, ৭ মে’ : লক ডাউনৰ মাজতে মহানগৰী গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ডেকাপাৰাত বন্ধ কোঠাত উদ্ধাৰ এহাল দাম্পত্তিৰ মৃতদেহ।ডেকাপাৰাত ভাৰাতীয়া হিচাপে থকা শিৱসাগৰ জিলাৰ চাবুৱাৰ দাম্পত্তিহাল আত্মহত্যা কৰাৰ সন্দেহ।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’ণা ভাইৰাছৰ আতংকত অব্যাহত থকাৰ বাবে দেশজুৰি চলি আছে তৃতীয় পৰ্যায়ৰ লক ডাউন। লক ডাউনৰ এই সংকটৰ সময়তে বৃহস্পতিবাৰে মহানগৰীৰ বৰঝাৰস্থিত বিমান বন্দৰৰ সমীপৰ ডেকাপাৰাত বৃহস্পতিবাৰে পুৱাৰ ভাগত বন্ধ কোঠাত উদ্ধাৰ হয় এহাল দম্পতিৰ মৃতদেহ। ডেকাপাৰাৰ মামনি দাস নামৰ এগৰাকী মহিলাৰ ঘৰত ভাড়াতিয়া হিচাপে থকা বৰঝাৰ বিমান বন্দৰত নিৰ্মাণৰত নতুন টাৰ্মিনেলত কনিষ্ঠ অভিযন্তা হিচাবে কৰ্মৰত সমীৰ ৰঞ্জন কুম্ভকাৰ আৰু তেওঁৰ পত্নী অনিতা কুমাৰী কুম্ভকাৰৰ মৃতদেহ ভাড়া ঘৰৰ ভিতৰত উদ্ধাৰ হয়। দুদিনধৰি দম্পতিহালে ঘৰৰ দুৱাৰ বন্ধ ৰখাত ৰহস্যৰ গোন্ধ পাই বুধবাৰে নিশা মামনি দাসে আৰক্ষী আৰু আত্মীয়ক অৱগত কৰিছিল। বৃহস্পতিবাৰে পুৱাই আৰক্ষীৰ সহযোগত স্থানীয় ৰাইজে ভিতৰৰ পৰা বন্ধ দুৱাৰ খুলি দম্পত্তি হালক মৃত অৱস্থাত উদ্ধাৰ কৰে। ঘৰৰ চিলিং ফেনত পত্নীয়ে চিপ লৈ ওলমি থকাৰ বিপৰীতে স্বামীৰ মৃতদেহ মজিয়াত পৰি আছিল।

প্ৰায় ডেৰ বছৰ ধৰি মামনি দাসৰ ঘৰত ভাড়াতীয়া হিচাপে থকা দাম্পত্তি হালৰ এই ৰহস্যজনক মৃত্যুৰ প্ৰকৃত ৰহস্য এতিয়াও পোহৰলৈ অহা নাই। আনহাতে মামনি দাসে দাম্পত্তি হালৰ মাজত ইমান দিনে কোনো ধৰণৰ বিবাদ দেখা পোৱা নাই বুলি জনায়। ঘটনাস্থলীত বৰঝাৰ আৰক্ষী আৰু পশ্চিম সংমণ্ডলৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত কৰি প্ৰাথমিক পৰ্যায়ত এয়া আত্মহত্যা বুলিয়েই ধাৰণা কৰিছে।