গুৱাহাটী, সংবাদ ৩৬৫, ১৬ মাৰ্চ: সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দিনক দিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা তথ্য অনুসৰি উত্তৰাখণ্ডৰ লগতে মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত এজনকৈ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ লগতে ভাৰতত বৰ্তমান সময়লৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ১১০লৈ।

বৰ্তমানলৈকে ভাৰতত কৰ’ণা ভাইৰাছত আক্রান্ত মুঠ সংখ্যাৰ ভিতৰত দিল্লী আৰু কৰ্ণাটকত মৃত্যু হোৱা দুজনো অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ উপৰিও বৃহস্পতিবাৰে চৌদি আৰবৰ পৰা ওভতি অহা কৰ্ণাটকৰ কলবুৰ্গী নিবাসী ৭৬ বছৰীয়া এজন লোকৰ মৃত্যুৰ লগতে দিল্লীত ৬৮ বছৰীয়া এগৰাকী মহিলাৰো শুকুৰবাৰে নিশা মৃত্যু হয়। ইৰাণৰ তেহৰান আৰু ছিৰাজ চহৰৰ পৰা ৫৩জন ভাৰতীয় সোমবাৰে ৰাজস্থানৰ জেছলমেৰ বিমানবন্দৰত উপস্থিত হয় আৰু ইয়াৰ পিছতে সকলোৰে স্ক্ৰীণিঙৰ প্ৰক্ৰিয়া সমাপ্ত কৰি আৰ্মী ৱেলনেছ চেণ্টাৰলৈ লৈ যোৱা হয়।ইৰাণৰ পৰা অহা ভাৰতীয় সকলকৰ সন্দৰ্ভত বিদেশ মন্ত্ৰী এছ জয়শংকৰে মন্তব্য দিয়ে যে ইৰাণৰ পৰা চতুৰ্থ দলটো আহি ভাৰতবৰ্ষত উপস্থিত হৈছে। চতুৰ্থ দলটোত থকা লোকসকলৰ ভিতৰত ৫২জন ছাত্ৰ আৰু এজন শিক্ষক আছে।

বৰ্তমানলৈ সৰ্বমুঠ ৩৮৯গৰাকী লোক ইৰাণৰ পৰা ভাৰতলৈ উভতি আহিছে। ইৰাণ আৰু ভাৰতস্থিত ইৰাণৰ দূতাবাসৰ বিষয়াসকলক ধন্যবাদ জনাই ইৰণৰ পৰা ভাৰতলৈ উভতি অহা সমূহ ভাৰতীয়ই।