আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শি

ৱসাগৰ

৯ নৱেম্বৰ

শিৱসাগৰত বিদ্যুৎ বিভাগৰ খুঁটাত অগ্নিকাণ্ড। নগৰৰ মাজ মজিয়াত দপদপকৈ জ্বলি উঠিল বিদ্যুৎ বিভাগৰ এটা খুঁটা।অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীৰ উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।

সোমবাৰে পুৱাৰ ভাগত শিৱসাগৰ নগৰৰ হেমচন্দ্ৰ বৰুৱা পথৰ ডি’ভাইন ৰেষ্টুৰেণ্টৰ সন্মুখত থকা বিদ্যুৎ বিভাগৰ এটা খুঁটাত চৰ্ট চাৰ্কিট হোৱাত বিদ্যুৎ বিভাগৰ খুটাটোত থকা এটা চৰাই বাহত অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় ৰাইজৰ মতে খুটাটোত বিশৃংখলভাৱে থকাত অজস্ৰ বিদ্যুৎ তাঁৰ, টেলিফোন তাঁৰ, ৰিলায়েন্স জিঅ’ৰ তাঁৰসমূহৰ বাবে জুই অধিক ক্ষীপ্ৰ গতিত জ্বলি উঠে বুলি স্থানীয় ৰাইজে মন্তব্য কৰে।

বহু সময় ধৰি বিদ্যুৎ বিভাগৰ খুটাটোত জুই জ্বলি থকাত ৰাইজ আতংকিত হৈ পৰে। স্থানীয় কিছুমান সচেতন লোক অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীৰ উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।