গুৱাহাটী : গুৱাহাটী মহানগৰীত মুকলি নতুন বস্ত্ৰ বিপনি। মহানগৰীৰ ৰাজগড়ত মুকলি কৰা হয় আধুনিক বস্ত্ৰ বিপনি এম চি ডিজাইন। বিপনিখন মুকলিৰ দিনা গ্ৰাহকৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। 

মহানগৰীৰ ৰাজগড়ত শনিবাৰে মুকলি হ’ল এম চি ডিজাইন নামেৰে নতুন আধুনিক সাজপাৰ বস্ত্ৰ বিপনি। সকলো শ্ৰেণীৰ লোকে ক্ৰয় কৰিব পৰাকৈ বিভিন্ন আধুনিক বস্ত্ৰ উপলব্ধ হ’ব এই বস্ত্ৰ বিপনিখনত।

গুৱাহাটীৰ আগশাৰীৰ ডিজাইনাৰ মিলি শৰ্মা চৌধুৰীৰ এইখন দ্বিতীয়খন বস্ত্ৰ বিপনি। বিপনিখন মুকলি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডাঃ উত্তম চৌধুৰী, ডাঃ বনানী চৌধুৰীকে ধৰি বহু লোক।