গুৱাহাটী : খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ কৰুণ মৃত্যু। গড়চুকৰ গাৰোঘুলিত কৰুণ মৃত্যু ঘটিল এটা বনৰীয়া হাতীৰ। দেওবাৰে নিশাৰ ভাগত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে বনৰীয়া হাতীটোৰ। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বনৰীয়া হাতীটোৰ মৃত্যু।

বিদ্যুৎ বিভাগৰ গাফিলতি বাবেই গুৱাহাটীৰ গড়চুকৰ গাৰোঘুলিত
বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি এটা বনৰীয়া হাতীৰ মৃত্যু ঘটে। দেওবাৰে নিশাৰ ভাগত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি এটা বনৰীয়া হাতীয়ে গছৰ পাত খাবলৈ চেষ্টা চলাওঁতে বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি বনৰীয়া হাতীটোৰ মৃত্যু ঘটে।

পুৱাৰ ভাগত একাংশ স্থানীয় লোকে হাতীটোক মৃত অৱস্থাত প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে অঞ্চলটোত প্ৰায়ে বনৰীয়া হাতী খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি যদিও ইয়াৰ পুর্বে কেতিয়াও এনে কৰুণ ঘটনা সংঘটিত হোৱা নাই।

ৰাইজে লগতে অভিযোগ কৰে যে একমাত্ৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই বনৰীয়া হাতীটো এইদৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ মুখত পৰিছে। হাতীটোৰ কৰুণ মৃত্যুয়ে অঞ্চলটোৰ ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমী সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।