গুৱাহাটী পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২২ মেঃ পেট্ৰ’ল আৰু ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ব্যতিক্ৰমী প্ৰতিবাদ। মহানগৰীৰ ৰাজপথত ৰিক্সা চলাই প্ৰতিবাদ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা শতাধিক কংগ্ৰেছ কৰ্মকর্তাই পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী সমদল উলিয়াই কংগ্ৰেছ কৰ্মকর্তা সকলে ৰিক্সা আৰু ঠেলা চলাই কেন্দ্ৰৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৰিক্সা চলাই কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰখনক সমালোচনা কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য অধিক হোৱা স্বত্তেও কংগ্ৰেছ চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰি ৰাখিছিল কিন্তু বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য ক’ম হোৱাৰ পিছতো কিয় নৰেন্দ্ৰ মোদী চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰিব পৰা নাই। কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয় যে পেট্ৰ’ল আৰু ডিজেলৰ এই অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজক একত্ৰিত কৰাৰ উদ্দেশ্যে এই প্ৰতিবাদী সমদল উলিওৱা হৈছে।

উল্লেখ্য যে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে যোৱা দেওবাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ ২০১৩ চনৰ ৰেকৰ্ড ভংগ কৰি নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। তেল কোম্পানী সমূহে কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি স্থগিত ৰখাৰ পিছত যোৱা ১৪ মে’ৰ পৰা প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি হৈ আছে। পেট্ৰ’ল আৰু ডিজেলৰ এই অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে যদিও তৈল কোম্পানী সমূহে আন্তৰাষ্ট্ৰীয় বজাৰৰ দোহাই দি পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰা বুলি জানিবলৈ দিছে। বৰ্তমান সমগ্ৰ এছিয়াৰ ভিতৰত ভাৰততে পেট্ৰল আৰু ডিজেলৰ মূল্য সৰ্বাধিক।