আজিজ আলী

মুকালমুৱা

৮ জুলাই

পৰিবৰ্তনৰ শ্লোগানেৰে ৰাজ্যত চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে চাৰিটা বছৰ অতিক্ৰম কৰিলে যদিও পৰিবৰ্তনৰ আঁচোৰ নপৰিল নলবাৰী জিলাৰ গ্ৰামাঞ্চলৰ এটি সদাব্যস্ত পথত৷ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্থ ৬১ নং ঘোগা গাঁও পঞ্চায়তৰ ঘোগা-চতেমাৰী পথৰ দুৰৱস্থাই উদঙাইছে পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ পৰিবৰ্তনৰ প্ৰকৃত ছবি।

পঞ্চায়তখনৰ অধীনস্থ ঘোগা চ‘কৰ পৰা চতেমাৰীলৈ যোৱা পথটি জনপ্ৰতিনিধি তথা পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ অৱহেলাৰ বাবেই বোকা-পানীৰে বিধ্বস্ত হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ডিজিটেল ইণ্ডিয়াৰ বাস্তৱ ছবিখন যেন পুনৰ এবাৰ ফুটি উঠিছে এই বিধ্বস্ত পথটিত৷ উল্লেখ্য যে, ঘোগা চ‘কৰ পৰা চতেমাৰী গাঁৱলৈ সোমাই যোৱা পথটিৰে বৃহত্তৰ চতেমাৰী গাঁওখনৰ লোকসকলে অহা-যোৱা কৰাৰ সমান্তৰালভাৱে চৰাঞ্চলৰ ন-পাৰাপাম, তিলাৰদিয়া, বৰবালা, ২ নং লোহাৰকাঠা, বালাৰট্টাৰী চৰ ইত্যাদি অঞ্চলৰ পৰা প্ৰতিদিনে হেজাৰ হেজাৰ লোকে অহা-যোৱা কৰে৷ বিগত কেইবাদিন ধৰি আহি থকা মুষলধাৰ বৰষুণৰ ফলত পথটোৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ সমগ্ৰ পথটিৰ কোনো প্ৰান্তত যদি একাঠু পানীৰে ভৰি আছে আন কোনো প্ৰান্তত আকৌ বোকাময় পৰিবেশে বিধ্বস্ত কৰিছে৷ পথটিৰ কদৰ্যময়ৰূপ দেখি বৃহস্পতিবাৰে সৰহসংখ্যক লোকে ওলাই আহি পথটিত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে৷ ঘোগা আদৰ্শ জাতীয় বিদ্যালয় নামেৰে পথটিৰ কাষতে আছে এখন বিদ্যালয়, শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অহা যোৱা কৰে উক্ত পথটিৰে৷

প্ৰতিবাদী মহিলা সকলে সংবাদ মাধ্যমৰ আগত কয় যে শতবৰ্ষ পুৰণি পথটি প্ৰতিবছৰে পঞ্চায়ত কৰ্তৃপক্ষই মেৰামতি অথৱা নতুনকৈ বনোৱাৰ নামত আঁচনি ৰূপায়ন কৰে যদিও নাম মাত্ৰ মাটি পেলায় আঁচনিৰ ধন গোগ্ৰাসে গিলি পেলায় ঠিকাদাৰৰুপী শাসকীয় দলৰ নেতা-কৰ্মী সকলে৷ স্থানীয় ৰাইজে চৰকাৰ অতি শীঘ্ৰে পথটি নিৰ্মাণ কৰিবলৈ দাবী জনাই কয় চৰকাৰে যদি শীঘ্ৰে পথটি নিৰ্মাণৰ ক্ষেত্ৰত যদি গুৰুত্ব নিদিয়ে তেন্তে আগন্তক নিৰ্বাচনত ৰাইজে চৰকাৰখনক উচিত শিক্ষা দিব।