আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
২২ জানুৱাৰী

শিৱসাগৰত প্ৰতিবাদকাৰী আছু কৰ্মীৰ লগত সুৰক্ষা বাহিনীৰ হতাহতি। ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ কাৰ্যসূচীত বাধা আৰক্ষীৰ। শিৱসাগৰৰ লগতে গুৱাহাটী মহানগৰীৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৱে জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে আছুৰ এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যজুৰি আৰক্ষীয়ে বাধা প্ৰদান কৰা দেখিবলৈ পোৱা যায়।

শিৱসাগৰত সদৌ অসয ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ উপস্থিতিত জোঁৰ লৈ সমদল উলিয়ালে আছুৱে। “ক”, ই আই এ ২০২০ বাতিল, অসম চুক্তি ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি বিদেশী নাগৰিক সমস্যা সমাধান কৰাৰ দাবীত শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰৰ পৰা এক প্ৰতিবাদী জোঁৰ সমদল উলিয়াই আছুৱে৷ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা আৰক্ষী প্ৰশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলি জোঁৰ সমদল কাৰ্যসূচীত বাধা প্ৰদান কৰে। বৰ্ডিং খেল পথাৰৰ সন্মুখত আৰক্ষীয়ে প্ৰতিবাদী সমদলক শক্তি প্ৰয়োগ কৰি আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰাত প্ৰতিবাদী সকলে ৰাজপথৰ ওপৰত বহি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী আছু কৰ্মী সকল পথৰ ওপৰত বহি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত বহু সময় ধৰি যাতায়ত স্তব্ধ হৈ পৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক পথৰ পৰা আঁতৰাবলৈ চেষ্টা কৰাত প্ৰতিবাদী আৰু আৰক্ষীৰ মাজত হতাহতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। আছুৰ নেতৃবৰ্গই আৰক্ষীৰ এনে ভূমিকাক তীব্ৰ সমালোচনা কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভয়াতুৰ আখ্যা দিয়ে।

শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে শিৱসাগৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক মূহুৰ্তত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।